নাবালিকা ধৰ্ষণৰ গোচৰত দোষী বিজেপি বিধায়কক ২৫ বছৰৰ কাৰাদণ্ড; হেৰুৱাব পাৰে বিধায়ক পদ
নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা এগৰাকী বিজেপি বিধায়কক ২৫ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ আদালতে শুকুৰবাৰে দুদ্ধিৰ বিধায়ক ৰামদুলাৰ গন্দক কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। এই শাস্তিৰ বাবে ৰামদুলাৰে বিধায়ক পদ হেৰুৱাব পাৰে।
ৰামদুলাৰৰ বিৰুদ্ধে ২০১৪ চনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মেয়ৰপুৰ গাঁৱৰ কিশোৰীগৰাকীয়ে প্ৰাতঃকৃত্য কৰিবলৈ পথাৰলৈ গৈছিল। অভিযোগ অনুসৰি, সেই সময়ত তাইক যৌন নিৰ্যাতন চলোৱা হৈছিল।
লগতে পঢ়কঃ পয়ালগা ব্যৱস্থা! গুৱাহাটীত বেডমিণ্টন খেলিবলৈ অহা ছিংগাপুৰৰ দম্পতিয়ে দিলে দুঃস্বপ্নৰ বৰ্ণনা
সেই সময়ত ৰামদুলাৰ গন্দ বিধায়ক হোৱা নাছিল। কিন্তু তেওঁৰ পত্নী সেই সময়ত গাঁৱৰ মুখীয়াল আছিল। প্ৰথমে POCSO আদালতত গোচৰটো আহিছিল। কিন্তু ৰামদুলাৰ বিজেপিৰ বিধায়ক হোৱাৰ পিছত গোচৰটো এমপি-এমএলএ আদালতলৈ হস্তান্তৰ কৰা হয়।
সেই ঘটনাত দোষী সাব্যস্ত হোৱা ৰামদুলাৰক শাস্তিৰ নিৰ্দেশ দিছে সোণভদ্ৰ আদালতে। অৱশ্যে ৰায়দানৰ পূৰ্বে তেওঁৰ অধিবক্তাই গেৰুৱা শিবিৰৰ বিধায়কৰ হৈ যুক্তি আগবঢ়াই গৈছিল। তেওঁ বিধায়কগৰাকীৰ নূন্যতম শাস্তি বিচাৰিছিল। লগতে ভুক্তভোগী পৰিয়ালৰ সকলো দায়িত্ব ল’ব বুলিও কৈছিল। কিন্তু আদালতে নাবালিকা ধৰ্ষণৰ দৰে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
লগতে পঢ়কঃISL 2023-24: গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৩-১ গ’লত পৰাস্ত কৰিলে মোহন বাগানে
অৱশ্যে এই শাস্তিৰ বাবে তেওঁ বিধায়ক পদ হেৰুৱাব পাৰে। কাৰণ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত এগৰাকী পদস্থ নেতা যদি দুবছৰ বা তাতোকৈ বেছি কাৰাদণ্ডৰে দণ্ডিত হয়, তেন্তে দোষী সাব্যস্ত হোৱা তাৰিখৰ পৰা অযোগ্য ঘোষণা কৰা হয়। সেইদৰে, ছবছৰলৈকে পদলৈ ঘূৰি আহিব নোৱাৰে। এনে ক্ষেত্ৰত ৰামদুলাৰেও একে শাস্তি লাভ কৰিব পাৰে।