• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পয়ালগা ব্যৱস্থা! গুৱাহাটীত বেডমিণ্টন খেলিবলৈ অহা ছিংগাপুৰৰ দম্পতিয়ে দিলে দুঃস্বপ্নৰ বৰ্ণনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2023 12:03 pm
ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোটেলৰ কোঠাত অন্ধকাৰ আৰু চেঁচা টেপৰ পানীৰ লগতে মহ কীট-পতংগৰ লগতে অসুস্থতাৰ সন্মুখীন হৈও ছিংগাপুৰৰ বেডমিণ্টন যুটী টেৰী হী আৰু জেচিকা তানে ছিজনৰ দ্বিতীয়টো খিতাপ দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছিংগাপুৰৰ এই দম্পতিৰ গুৱাহাটী ভ্ৰমণৰ তিক্ত অভিজ্ঞতাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছে দ্য ষ্টেইট টাইমছ নামৰ কাকতখনত।  

১০ ডিচেম্বৰত বিশ্বৰ ২৬ নং স্থানত থকা যুটীটোৱে অসমত অনুষ্ঠিত এক লাখ মাৰ্কিন ডলাৰ (১ লাখ ৩৪ হাজাৰ এছ ডলাৰ)ৰ গুৱাহাটী মাষ্টাৰ্ছৰ ফাইনেলত ডেনমাৰ্কৰ ৩৫ নম্বৰ স্থানৰ মেডছ ভেষ্টাৰগাৰ্ড আৰু ক্ৰীষ্টিন বুছক ২১-১৯, ২১-১১ ব্যৱধানত পৰাস্ত কৰি ২৬ বছৰীয়া দলটোৱে ৭,৯০০ মাৰ্কিন ডলাৰৰ চেক তুলি লয়।

কিন্তু ভাৰতত ভ্ৰমণৰ সময়ত তেওঁলোকে কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। গুৱাহাটীৰ অভিজ্ঞতাৰ প্ৰায় এসপ্তাহ পূৰ্বে লক্ষ্ণৌৰ চৈয়দ মোডী আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁলোকে অপ্ৰীতিকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল। তাত তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

Apply Now

লগতে পঢ়কঃ IPL 2024: ১০ বছৰৰ পাছত ৰোহিতক নেতৃত্বৰ পৰা আঁতৰালে মুম্বাইয়ে; কি ক’লে আম্বানীৰ দলটোৱে?

তানে ইনষ্টাগ্ৰামৰ এটা ষ্টৰীত লিখিছে, ‘কোৰ্ট টেষ্টৰ সময়ত হলঘৰত চৰাই উৰি আছিল আৰু গোটেই ক’ৰ্টত চৰাইৰ বিষ্ঠা আছিল। ধূলিৰ দৰে বস্তু কিছুমানৰ বাবে হলঘৰটোও অলপ কুঁৱলীময় হৈ পৰিছিল।”

কিন্তু গুৱাহাটীলৈ অহাৰ পিছতো বিড়ম্বনাৰ অন্ত পৰা নাছিল। বৰঞ্চ ইয়াৰ অভিজ্ঞতা আছিল আৰু নাৰকীয়।

কেৱল মহ মাৰিবলৈ ইলেক্ট্ৰিক শ্বাটাৰৰ সলনি ৰেকেট ব্যৱহাৰ কৰিবলগীয়া হোৱাই নহয়, সৰুসজাই ক্ৰীড়া কমপ্লেক্সত ইজনে সিজনৰ খাদ্য মাখিৰ পৰা ৰক্ষা কৰিবলৈও ব্যস্ত হ’বলগীয়া হৈছিল।

ঘৰ ৩৬৫ ৰেচিডেন্সিৰ তেওঁলোকৰ হোটেলৰ কোঠাৰ পানী গৰম কৰা মেচিনবোৰে কাম নকৰাৰ বাবে তেওঁলোকে পানী উতলাই গা ধোৱাৰ বাবে বাল্টিত ঢালি ল’বলগীয়া হৈছিল। সেইটোও তেতিয়াহে সম্ভৱ হৈছিল যেতিয়া তেওঁলোকৰ টেপবোৰত বাদামী ৰঙৰ পানী অহা নাছিল।

মুঠতে তেওঁলোকে এক জঘন্য ব্যৱস্থাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক জিৰণি লোৱা আৰু সুস্থ ৰখাত কোনো সহায় কৰা নাছিল।

লগতে পঢ়কঃ ISL 2023-24: গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৩-১ গ’লত পৰাস্ত কৰিলে মোহন বাগানে

ছিংগাপুৰ বেডমিণ্টন এছ’চিয়েশ্যনে জানিবলৈ দিয়া মতে, বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনক এই বিষয়ে অৱগত কৰা হৈছে।

গুৱাহাটী মাষ্টাৰ্ছত নমাৰ আগতে তানৰ ডিঙিৰ তীব্ৰ বিষ, জ্বৰ আৰু পানীলগা হৈছিল যদিও স্বামী-স্ত্ৰীৰ যুটীটোৱে কোনোমতে যুঁজত নামিছিল।

তানে কয়, “মোৰ বাবে ই অত্যন্ত কষ্টকৰ আছিল কাৰণ গোটেই সময়ছোৱাত মই অতি অসুস্থ আছিলো। এইখনেই আছিল প্ৰথম টুৰ্ণামেণ্ট য’ত মই পইণ্ট লাভ কৰাৰ সময়ত কেতিয়াও  চিঞৰিব পৰা নাছিলো কাৰণ মোৰ ডিঙিত যন্ত্ৰণা হৈছিল। মই সঁচাকৈয়ে শাৰীৰিক আৰু মানসিকভাৱে দৃঢ় হোৱাৰ চেষ্টা কৰিলোঁ, যিমান পাৰি খেলত মনোনিৱেশ কৰিবলৈ আৰু ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিলোঁ।”

 

View this post on Instagram

 

A post shared by Wei Han Jessica Tan (@jessicawhtan)

বৰ্তমান তেওঁলোকে ভাৰততে আছে আৰু ১২-১৭ ডিচেম্বৰৰ ওড়িশা মাষ্টাৰ্ছৰ বাবে কটকত আছে য’ত তেওঁলোকে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ বাবে অধিক ৰেংকিং পইণ্ট সংগ্ৰহৰ দৌৰত নামিছে।

হীয়ে কয় যে খেলুৱৈ হিচাপে আমি সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব আৰু আমাৰ সাধ্য অনুসৰি কাম কৰিব লাগিব। এয়া এগৰাকী খেলুৱৈৰ মহানতা। কিন্তু গুৱাহাটী মাষ্টাৰ্ছৰ আয়োজকসকলে অসমৰ নাক কাটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি স্বৰূপ দাঙি ধৰিলে সেয়া অত্যন্ত লজ্জাজনক আৰু ক্ৰীড়াক্ষেত্ৰখনৰ বাবেও অপমানজনক ঘটনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd