NORTHEAST NOW (Assamese)
অসম

নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি : অসন্তুষ্ট বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ

Posted by: এন ই নাও নিউজ October 23, 2018 10:39 am
Untitled-1 copy (7)

সোমবাৰে ৰাজ্যৰ ৪০ টা নিগম-নিকায়ত অধ্যক্ষ তথা উপাধ্যক্ষ পদত নিযুক্তি দিয়াৰ পিছত বঞ্চিত একাংশ বিধায়ক অসন্তুষ্ট হৈ পৰিছে। দুলীয়াজান সমষ্টিৰ বিজেপি বিধায়ক তেৰছ গোৱালাই নিজৰ অসন্তুষ্টি ব্যক্ত কৰি বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। আনহাতে, গোৱালাই তেওঁৰ পদত্যাগ পত্ৰ অধ্যক্ষৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত নিযুক্তিৰ ক্ষেত্ৰত খেলিমেলিৰ অভিযোগ তুলি গোৱালাই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে, বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদতে গোৱালাই পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।‍

তদুপৰি, বিধায়ক তেৰছ গোৱালাই দলীয় সকলো দায়িত্বৰ পৰাও অ‍ব্যাহতি লোৱাৰ কথা সদৰী কৰিছে।

উল্লেখযোগ্য যে সোমবাৰে নিযুক্তি দিয়া নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত বিজেপিকে ধৰি ইয়াৰ মিত্ৰ দল অগপ, বিপিএফৰ লগতে আৰ এছ এছৰ কৰ্মীয়ো আছে। কিন্তু বিজেপিৰ বিধায়ক তেৰছ গোৱালাই এনে কোনো পদত নিযুক্তি নোপোৱাত অসন্তুষ্ট হৈ পৰে।

বিশেষকৈ নতুকৈ দললৈ অহা বিজেপি বিধায়ক বলীন চেতিয়াক কেবিনেট মৰ্যাদাৰে অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত গোৱালা ক্ষুব্ধ হৈ পৰিছে।