NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক নিৰ্বাচন আয়োগলৈ বিজেপিৰ আহ্বান : শীঘ্ৰে ঘোষণা কৰক পঞ্চায়ত নিৰ্বাচনৰ দিন

Posted by: এন ই নাও নিউজ October 23, 2018 10:52 am
Assam-gram-panchayat-election-570x320

সোমবাৰে গুৱাহাটীস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ পাছতে বিজেপিয়ে অতি শীঘ্ৰে ৰাজ্যিক নিৰ্বাচন আয়োগক পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ আহ্বান জনায়।

কালি অনুষ্ঠিত সভাত বিজেপিয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ তথা গ্ৰাম্যাঞ্চল লোকৰ কল্যাণকামী আঁচনিসমহ শীঘ্ৰে শক্তিশালী ৰূপায়ণৰ বাবে অনতি পলমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, উত্তৰ-পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱালকে ধৰি বিজেপি, অসম প্ৰদেশৰ বিষয়-ববীয়া, মন্ত্ৰী, সাংসদ, বিধায়কসকল উপস্থিত থাকে।

সভাই ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, সমাগত পঞ্চায়ত, গুৱাহাটী পৌৰ নিগম আৰু কেইবাটাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰে।

স্মৰ্তব্য যে ইয়াৰ আগেও সময়ে সময়ে বিজেপিয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক বহুবাৰ অনুৰোধ কৰা পৰিলক্ষিত হৈছিল। সেয়েহে সোমবাৰৰ সভাই পুনৰবাৰ ৰাজ্যিক নিৰ্বাচন আয়োগক শীঘ্ৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰতা সন্দৰ্ভতো কালিৰ সভাতে আলোচনা হয়। প্ৰয়োজন সাপেক্ষে দলে অগপ, সন্মিলিত গণ শক্তি, তিৱা ঐক্য মঞ্চৰ উপৰি আন আন আঞ্চলিক দল সমূহৰ লগত মিত্ৰতা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।