NORTHEAST NOW (Assamese)
অসম

১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবই : ফেপেৰি পাতিবলৈ এৰা নাই বিধায়ক শিলাদিত্যই

Posted by: এন ই নাও নিউজ October 23, 2018 2:14 pm
Shiladitya-Dev

অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ বিধায়ক শিলাদিত্য দেৱ। সোমবাৰে হোজাইৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন চে’ক বিতৰণী সভাৰ অন্তত বিধায়ক শিলাদিত্যই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত হ’বই।

অৱশ্যে সভাৰ স্থান এতিয়াও থিৰাং কৰা নাই বুলি জানিব দি তেওঁ কয় যে অহা ২৫ তাৰিখে সভাৰ স্থান চূড়ান্ত হোৱাৰ পাছত অনুমতিৰ বাবে আৱেদন জনাব। তেওঁ এই সভাক সংঘাতৰ পৰিৱৰ্তে মৈত্ৰীৰ সভা হ’ব বুলিও ব্যক্ত কৰে।

আনহাতে, আইনৰ নহয় অধিকাৰৰ কথা কোৱা হ’ব বুলি সদৰী কৰি বিতৰ্কিত বিধায়কগৰাকীয়ে সকলো জনগোষ্ঠীক লৈ সভাখন পাতিব বিচাৰিছে বুলিহে প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে শিলাদিত্যই পৰেশ বৰুৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি লগতে কয়, ‘’পৰেশ বৰুৱাৰ অস্তিত্ব বাংলাদেশী মৌলবাদী সংগঠনৰ হাতত। মৌলবাদী সংগঠনৰ হেঁচাত পৰেশ বৰুৱাই কাম কৰে।‘’

ইপিনে অখিল গগৈ সম্পৰ্কত বিধায়কগৰাকীয়ে কয় যে অখিলে সহজ পদ্ধতিৰে আন্দোলন কৰে। অসমত যিকোনো ক্লাবে বন্ধ দিলেই বন্ধ হয়। অখিলৰ সাহস থাকিলে ১ লাখ মানুহ লৈ সমাৱেশ পাতক।

অখিল গগৈক বাংলাদেশীৰ সমৰ্থক বুলি অভিহিত কৰি কাজিৰঙাত বাংলাদেশী মুছলমানক উচ্ছেদ চলোৱা সময়ত অখিলে তেওঁলোকৰ পক্ষত থিয় দিয়া বুলিও  অভিযোগ আনে।

অসমীয়া মহিলাক বলাৎকাৰ কৰিলে অখিল নিমাত হৈ পৰে কিয়? বুলি প্ৰশ্ন কৰি শিলাদিত্যই অখিলৰ আন্দোলনত বাংলাদেশীসকলে লুঙী এৰি জিনছ পিন্ধি ভাগ লয় বুলি আন এক বিতৰ্কিত মন্তব্য কৰে।

বিধায়ক শিলাদিত্যই মিত্ৰজোঁট সম্পৰ্কতো মন্তৱ্য আগবঢ়াই কয় যে চৰকাৰৰ পৰা কোনোবা মিত্ৰ দলে বিচাৰিলে ওলাই যাব পাৰে। সেয়া তেওঁলোকৰ নিজৰ কথা।