NORTHEAST NOW (Assamese)

চৰকাৰে আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ‘আমি’ পদত্যাগ কৰিম : শিলাদিত্য দেব

October 26, 2018 8:17 pm · কল্পজ্যোতি শইকীয়া
Updated: October 26, 2018 9:35 pm
দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেলত বিধায়ক শিলাদিত্য দেব।

“চৰকাৰে আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি পদত্যাগ কৰিম।” আজি নিজৰ চৰকাৰকে এই ভাবুকি দিলে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যই। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কেৱল অকলে নহয়, লগত আন কেইজনমানেও পদত্যাগ কৰিব বুলি কয়।

উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰত বিজেপিৰ বিধায়ক শিলাদিত্য দেবক “খাটাং” সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক ‘গণহত্যা’ৰ দৰে পৰিস্থিতিৰ হুংকাৰ দিছিল আলফা নেতা মৃণাল হাজৰিকাই।

“শিলাদিত্যই পৰিণতি ভোগ কৰিবই লাগিব। এইটোতো খাটাং কথা,” চৰকাৰত থাকি “নিৰাপত্তাৰক্ষী লৈ দম্ভালি মাৰি” থকা বুলি কৈ বিজেপিৰ বিধায়ক শিলাদিত্য দেবক দুদিন পূৰ্বে এই সকীয়নি দিছিল আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই।

তাৰ পাছতেই আজি দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি আলোচনাপন্থী নেতা মৃণাল হাজৰিকাৰ মন্তব্যত দুখ পাইছো বুলি সংবাদমেলত বিতৰ্কিত বিধায়ক শিলাদিত্যই কয়।

আনহাতে, কেইদিমান পূৰ্বে পৰেশ বৰুৱাই মৌলবাদী সংগঠনৰ সহযোগত সংগ্ৰাম চলাই যোৱা বুলি মন্তব্য কৰা বিতৰ্কিত বিধায়কগৰাকীয়ে নিজৰ সুৰ সলনি কৰে আজিৰ সংবাদমেলত।

আজি বিতৰ্কিত বিধায়কজনে নিজৰ সুৰ সলনি কৰি কয়, “পৰেশ বৰুৱাৰ পদ্ধতি সমৰ্থন নকৰিলেও তেওঁ নিজৰ স্থিতিত আছে। কিন্তু যিসকলে পলায়ন কৰি আহিছে আলফাৰ পৰা, সেই সকলে যি-টি মন্তব্য কৰি আছে। কি উদ্দেশ্যত তেওঁলোকে এনে মন্তব্য কৰি আছে সেই কথা তেওঁলোকে স্পষ্ট কৰিব লাগে।”

ইয়াৰোপৰি আলোচনাপন্থী আলফাসকলক পলায়নবাদী আখ্যা দি শিলাদিত্যই কয়, “শান্তি আলোচনাৰ কাৰণে আহিছে যদি শান্তিপূৰ্ণভাৱে তেওঁলোকে কথা ক’ব লাগে। শান্তিৰ কথা বাদ দি তেওঁলোকে হত্যাৰ কথা কৈছে, যুদ্ধৰ কথা কৈছে, তেনে ক্ষেত্ৰত তেওঁলোকে নিজৰ স্থিতি  স্পষ্ট কৰক।”

“তেওঁলোকে প্ৰয়োজনতকৈ বেছি অধিকাৰ লৈ মন্তব্য কৰি থাকিলে নহ’ব। জনপ্ৰতিনিধি হিচাপে ৰাইজৰ হকে কাম কৰিব ওলাওঁতে যদি আমাক ভাবুকি দিয়ে বা তেওঁলোকৰ বেলেগ এজেণ্ডা আছে।” শিলাদিত্যই এইদৰে উভতি ধৰে মৃণাল হাজৰিকাক।

আলোচনাপন্থী আলফাৰ বিৰুদ্ধে চৰকাৰক উচিত ব্যৱস্থা ল’বৰ বাবে আহ্বান জনায় বিধায়কজনে। অন্যথা তেওঁৰ লগতে অন্য কেইগৰাকীমান বিধায়কে পদত্যাগ কৰাৰ হুংকাৰ দিয়ে।

“১৯৮৩-ত কেনেদৰে নেলীত হত্যালীলা চলিছিল সকলোৱে জানে। আলোচনাপন্থী আলফাসকলে আকৌ গণহত্যা কৰিব বিচাৰিছে নেকি- সেই কথা স্পষ্ট কৰিব লাগে।” শিলাদিত্যই এইদৰে কয়।

তদুপৰি অসম আন্দোলনত ১৪জন চহিদ বঙালী সম্প্ৰদায়ৰ পৰা আছিল বুলি দাবী কৰি শিলাদিত্যই কয়, “তেওঁলোকেও অসম মাতৃক বচাবৰ কাৰণে যুঁজিছিল। অসমীয়া-বঙালীৰ মাজত সংঘাত লগাবলৈ এক ডাঙৰ ষড়যন্ত্ৰ কৰি বঙাল খেদাও আন্দোলন নাম দিছিল। সত্ৰৰ মাটি বেদখল কৰা, অসমীয়া মহিলাক বলাৎকাৰ কৰাসকলে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেই ষড়যন্ত্ৰ বৰ্তমানো চলি আছে।”

উল্লেখযোগ্য যে সততে বিতৰ্কিত মন্তব্য কৰি অহা শিলাদিত্যক অসমীয়া জাতিৰ বিৰুদ্ধে নাযাবলৈ বিভিন্ন পক্ষই ইতিপূৰ্বে সকীয়াই দিছে। তেওঁৰ মন্তব্যই জাতীয় স্বাৰ্থত আঘাত কৰা হেতু বহুতকে খৰ্গহস্ত হৈ পৰা দেখা গৈছে।

Related News