NORTHEAST NOW (Assamese)

প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ পিতৃৰ এছ য়ু ভি বাহন চুৰি

May 30, 2020 7:20 am · এন ই নাও নিউজ
গৌতম গম্ভীৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অপেনিং বেটছমেন তথা বৰ্তমানৰ পূব দিল্লীৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ পিতৃৰ এছ য়ু ভি বাহনখন চুৰি হয়।

বৃহস্পতিবাৰে চেন্ট্ৰেল দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ অঞ্চলত থকা নিজা বাসগৃহৰ পৰা গম্ভীৰৰ পিতৃৰ বাহনখন চুৰি হয় বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে চি চি টিভি ফুটেজ সংগ্ৰহ কৰিছে যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ এতিয়াও বাকী আছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি চোৰ কেইজনক কৰায়ত্ত কৰাৰ বাবে ইতিমধ্যে কেইবাটাও আৰক্ষীৰ অনুসন্ধানকাৰী দল গঠন কৰা হৈছে।

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰে ল’কডাউনৰ সময়ত দিল্লীৰ জনসাধাৰণৰ বাবে যথেষ্ট সেৱা আগবঢ়াইছে।

গম্ভীৰে ইতিমধ্যে ক’ৰ’না আক্ৰান্ত সকলৰ বাবে নিজৰ দুবছৰৰ দৰমহা দান কৰাৰ কথা ঘোষণা কৰিছে।

তদুপৰি, বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক খাদ্য যোগান ধৰাৰ ক্ষেত্ৰতো গম্ভীৰে পাৰ্য্যমানে সহায় আগবঢ়াই আছে।

Related News