NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীয়ে শিক্ষিত মানুহৰ পৰামৰ্শ নলয়; মোদীক কটাক্ষ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 8:49 am
Modi -Swami

বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সুব্ৰমনিয়াম স্বামীৰ এইবাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

JEE-NEET পৰীক্ষাক লৈ সমগ্ৰ দেশতে বিতৰ্কই চূড়ান্ত পৰ্যায় লাভ কৰিছে। শিক্ষাৰ্থীৰ লগতে বিৰোধী দলসমূহেও পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে দাবী উত্থাপন কৰিছে।

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ।

ইয়াৰ মাজতে বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে।

এটা টুইটত স্বামীয়ে লিখিছে,’’মোদী চৰকাৰে তেতিয়াহ’লে ধনী ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখিয়েই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে? যিহেতু কৰ’না পৰিস্থিতিৰ বাবে  দেশৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰা নাই।‘’

স্বামীয়ে পূৰ্বেও এই বিষয়ত সৰৱ হৈ আহিছিল যদিও এইবাৰ তেওঁ পোনপোটীয়াকৈ প্ৰধান মন্ত্ৰী মোদীক লক্ষ্য কৰি লৈছে।

স্বামীয়ে শুকুৰবাৰে টুইট কৰি লিখিছে,’’শিক্ষা বিষয়ত আৰু মাৰ্জিত হ’বলৈ হ’লে প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাতাসকল অধিক নিৰ্ভৰযোগ্য হ’ব লাগিব। মোদীয়ে সদায় বেয়া পৰামৰ্শ লাভ কৰি থাকে।‘’

তেওঁ লগতে টুইটটোত লিখিছে,’’মই ৫০বছৰ ধৰি হাৰ্ভাৰ্ড আৰু দিল্লী আইআইটিত অধ্যাপনা কৰিছো। পিচে, তেওঁ কেতিয়াও মোৰ পৰা পৰামৰ্শ নলয়।‘’

সুব্ৰমিনয়াম স্বামীৰ এই মন্তব্যই ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাতাৰ যোগ্যতা তথা মোদীয়ে পৰামৰ্শ লোৱাৰ ক্ষেত্ৰত সদিচ্ছা নেদেখুৱাৰ বিষয় লৈ দলৰ এগৰাকী জ্যেষ্ঠ আৰু পুৰোধা নেতাৰ এনে মন্তব্যই স্বাভাৱিকতে বিজেপিক অস্বস্তিত পেলাইছে।

ইপিনে, আন পৰীক্ষাৰ যি হওক নহওক, JEE-NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

প্ৰথমৰে পৰা ইয়াৰ বিৰোধিতা কৰি অহা সুব্ৰমনিয়াম স্বামীয়ে সেয়েহে এইবাৰ প্ৰধান মন্ত্ৰী মোদীকে তেওঁৰ স্বভাৱসুলভ ভংগীমাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।