NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত কনিকা কাপুৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিজেপিৰ সাংসদে গৈছিল ৰাষ্ট্ৰপতি ভৱনলৈও

March 20, 2020 7:32 pm · এন ই নাও নিউজ
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অনুষ্ঠানত ৰাজস্থানৰ সাংসদগৰাকী

লণ্ডনৰ পৰা উভতি অহাৰ পাছত শৰীৰত কৰ’না ভাইৰাছৰ  উপস্থিতি ধৰা পৰা বলিউদৰ কণ্ঠশিল্পী কনিকা কাপুৰে অংশগ্ৰহণ কৰা লক্ষ্ণৌৰ তাজ হোটেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বিজেপিৰ এগৰাকী সাংসদে।

কনিকা কাপুৰে ১৫ মাৰ্চত অংশগ্ৰহণ কৰা তাজ হোটেলৰ অনুষ্ঠানত অতিথি হিচাপে থকা বিজেপিৰ ৰাজস্থানৰ সাংসদ দুষ্যন্ত সিঙে কনিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পূৰ্বে বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

ৰাজস্থানৰ পূৰ্বৰ মুখ্য মন্ত্ৰী বসুন্ধৰা ৰাজে আৰু তেওঁৰ পুত্ৰ দুষ্যন্ত সিঙে কনিকা কাপুৰে অংশগ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থকাৰ তিনিদিন পাছত ১৮ মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক সমাৰোহতো অংশগ্ৰহণ কৰিছিল।

বুধবাৰে ৰাতিপুৱা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উত্তৰপ্ৰদেশ আৰু ৰাজস্থানৰ সাংসদ সকলৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল।

এই অনুষ্ঠানৰ অন্তত তোলা একপি ফটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পাছফালে থিয় হৈ থকা অৱস্থাত দেখা গৈছে কনিকা কাপুৰৰ অনুষ্ঠানলৈ যোৱা সাংসদ দুষ্যন্ত সিং।

অৱশ্যে, ৰামনাথ কোবিন্দে অনুষ্ঠানত সাংসদ সকলৰ সৈতে কৰমৰ্দন কৰা নাছিল।

আনহাতে, কনিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজস্থানৰ পূৰ্বৰ মুখ্য মন্ত্ৰী বসুন্ধৰা ৰাজে আৰু পুত্ৰ দুষ্যন্ত সিঙে নিজকে ১৪ দিনৰ বাবে সকলোৰে পৰা পৃথকাই ৰাখিছে।

Related News