NORTHEAST NOW (Assamese)
দেশ

গাৰ বল দেখুৱালে ৰাহুল গান্ধীয়ে! ৰাহুলৰ গতাত মূৰ ফাটিল বিজেপি সাংসদৰ

December 19, 2024 12:42 pm
গাৰ বল দেখুৱালে ৰাহুল গান্ধীয়ে! ৰাহুলৰ গতাত মূৰ ফাটিল বিজেপি সাংসদৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অম্বেদকাৰক লৈ কৰা এক মন্তব্যৰ বিৰুদ্ধে সংসদত আৰম্ভ হোৱা বিতৰ্ক কাজিয়ালৈ পৰিণত হয়।

বৃহস্পতিবাৰে লোকসভাত বিৰোধীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি হোৱা হুলস্থুলৰ ফলত আহত হয় বিজেপিৰ সাংসদ প্ৰতাপ চন্দ্ৰ শাৰংগী।

এই ঘটনাত ওড়িশাৰ বালেশ্বৰৰ সাংসদ প্ৰতাপ চন্দ্ৰ শাৰংগীয়ে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তেওঁক আঘাত কৰা বুলি প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰিছে।

সূত্ৰৰ মতে, ৰাহুল গান্ধীয়ে গতিয়াই দিয়াৰ ফলত মাটিত বাগৰি শাৰংগী মাটিত বাগৰি পৰে আৰু মূৰত আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পিছতে ৰাহুল গান্ধীয়ে নিজেই শাৰংগীক চাবলৈ আহিছিল যদিও ইয়াৰ ফলত লোকসভাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ইফালে ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয় যে প্ৰতাপ চন্দ্ৰ শাৰংগীকে ধৰি বিজেপিৰ কেইজনমান নেতাই তেওঁক সংসদত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হয়।