NORTHEAST NOW (Assamese)

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

January 19, 2021 10:10 am · মৃদুল প্ৰীতম ডেকা
হাজোত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। ফটো: নৰ্থইষ্ট নাও।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই হাজোত ২০২১ৰ নিৰ্বাচনক লৈ বিজেপিৰ ৰণকৌশল সম্পৰ্কে কিছু মত ব্যক্ত কৰিছে।

কেবল জয়ৰ জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে দলীয় টিকট পাব বুলি ইংগিত দাঙি ধৰি দিলীপ শইকীয়াই লগতে হাজো সমষ্টিত সুমন হৰিপ্ৰিয়াই টিকট পাব নে নাপাই সেয়া এতিয়াই কৈ দিব নোৱাৰি বুলি মন্তব্য কৰে।

শইকীয়াই বিজেপিৰ ১০০+আসন সম্ভৱ হ’ব বুলিও মত প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে মিত্ৰদলৰে আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই বুলি জানিব দিয়ে।

আনহাতে, ‘কা’ বিৰোধী আন্দোলন উদ্দেশ্যে প্ৰণোদিত বুলি উল্লেখ কৰি মন্তব্য কৰে যে ২১ৰ নিৰ্বাচনত ‘কা’ আন্দোলনে একো প্ৰভাৱ নেপেলায়।

ইপিনে, নলবাৰীত অনুষ্ঠিত লবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা মহাসাগৰত পৰিণত হব বুলি দাবী কৰে দিলীপ শইকীয়াই।

অমিত শ্বাহৰ সভাত বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

Related News