NORTHEAST NOW (Assamese)
অসম

অসমৰ জনতা মহান : বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 2, 2019 10:41 pm
Former Chief minister of Madhya Pradesh Shivraj Singh Chouhan addressing media peoples during his 2days Guwahati visit at BJP Party office ,Guwahati on 02-08-19.pix by ub photos

অসম বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সন্মোধন কৰি অসমৰ জনতাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মহান বুলি উল্লেখ কৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি  শিৱৰাজ সিং চৌহানে।

অসমৰ জনগণে দিয়া মৰম আৰু সহযোগিতাৰ বাবেই বৃহৎ জনমতেৰে এন ডি য়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।

আনহাতে, শুকুৰবাৰে ৰাজ্যসভাত ইউ পি পি এ বিল গৃহীত হোৱা বাবে প্ৰধান মন্ত্ৰী মোদীক  ধন্যবাদ জ্ঞাপন কৰি বিজেপিয়ে সমগ্ৰ দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মুল কৰাৰ ক্ষেত্ৰত বদ্ধ পৰিকৰ বুলি উল্লেখ কৰে।

তদুপৰি, সংবাদমেলত চৌহানে কংগ্ৰেছ দলে উত্তৰ-পূবৰ লগতে বিশেষকৈ অসমক শোষন কৰি অহাৰ অভিযোগ উত্থাপন কৰে আৰু কংগ্ৰেছৰ শাসন কালত উত্তৰ পূবৰ উন্নয়নৰ গতি মন্থৰ হোৱা বুলি মত প্ৰকাশ কৰে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ‘অসমৰ পৰা  সাংসদ হৈয়ো প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙে ৰাজ্যখনৰ প্ৰতি বিশেষ মনোযোগ নিদিয়াটো অতি দুৰ্ভাগ্যৰ বিষয়।

অসমৰ বাবে বিগত ৫ টা বছৰত বিজেপি চৰকাৰে যথেষ্ঠখিনি উন্নয়নমূলক কাম কৰাৰ লগতে ভবিষ্যতেও উত্তৰ-পূবৰ বাবে উন্নয়নমূলক কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে।

উল্লেখযোগ্য যে, সংগঠন পৰ্ব আৰু সদস্যতা অভিযানক লৈ বৃহস্পতি বাৰে শিৱৰাজ সিং চৌহান অসমত উপস্হিত হৈছিল।

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি গৰাকীয়ে শুকুৰবাৰে বহু কেইটা অনুস্থানত অংশগ্ৰহণ কৰাৰ লগতে নিশা গুৱাহাটীতে কটাই ৰাতিপুৱা দিল্লীলৈ ৰাওনা হ’ব ।