NORTHEAST NOW (Assamese)

হিন্দু বাংলাদেশীক ‘নিমন্ত্ৰণ’ বিজেপি নেতাৰ!

September 20, 2018 6:39 pm · এন ই নাও নিউজ
Updated: September 20, 2018 11:29 pm
বিজেপিৰ প্ৰতীক। ফাইল ছবি।

অসমবাসীৰ দুঃচিন্তাৰ বোজা বঢ়াই বাংলাদেশী হিন্দুক ‘নিমন্ত্ৰণ’ৰ দলীয় কাৰ্য্যসূচী ঘোষণা কৰিছে বিজেপিৰ এজন নেতাই।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ উন্নীতকৰণে অসমক বিদেশীমুক্ত কৰাৰ আশা আৰু বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে বিদেশীক আদৰাৰ আশংকাৰ মাজতে দলৰ এই কাৰ্য্যসূচীৰ কথা সদৰী কৰিছে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে।

এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মত প্ৰকাশ কৰি চাউথ এছিয়ান মনিটৰ-ত এই কথা ঘোষণা কৰিছে পশ্চিম বংগ বিজেপিৰ শীৰ্ষ নেতাজনে।

‘সংখ্যালঘু বাংলাদেশী হিন্দুক প্ৰব্ৰজন আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ বাবে ‘নিমন্ত্ৰণ’ও বিজেপিৰ ৰাজনৈতিক কাৰ্য্যসূচীৰ অন্তৰ্গত,’ ঘোষৰ উদ্ধৃতিৰে চাউথ এছিয়ান মনিটৰ-এ বৃহস্পতিবাৰে প্ৰকাশ কৰা বাতৰিত প্ৰকাশ।

বিজেপি নেতাজনে নিউজ প’ৰ্টেলটোক লগতে জনাই যে ‘এই মাহৰ শেষভাগৰ পৰাই পশ্চিমবংগজুৰি’ এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ‘বুজাই দিবলৈ’ দলে ‘৫লাখ গোহাৰি’ বিতৰণ কৰিব।

বিজেপিৰ শীৰ্ষতম নেতা অমিত শ্বাহে অসমৰ লগতে দেশৰ আন ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব দাবী কৰি আহিছে। দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু অসম চৰকাৰে কোনো ভাৰতীয় এন আৰ চিৰ পৰা বাদ পৰিব লগা নহয় বুলি আশ্বাস প্ৰদান কৰি আহিছে। আকৌ শেহতীয়াকৈ বাংলাদেশলৈ গৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন আৰ চিৰ পিছত বাংলাদেশলৈ কোনো বিদেশী বিতাৰণ কৰা নহয় বুলি আশ্বাস প্ৰদান কৰা বুলি বাতৰি প্ৰকাশিত হৈছে।

আনহাতে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব বুলি অসমবাসীক প্ৰতিশ্ৰুতি দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি যোৱা দুমাহে নিমাত হৈ আছে।

তেনে সময়ত পশ্চিম বংগত দলৰ শীৰ্ষ নেতা এজনৰ এই ঘোষণাই বিদেশী আৰু নাগৰিকত্বৰ বিষয়টোক লৈ বিজেপিয়ে বিভ্ৰান্তিকৰ আৰু বিভাজনমূলক ৰাজনীতি কৰিব খোজাতোলৈকে আঙুলিয়াইছে নেকি?

Related News