NORTHEAST NOW (Assamese)

কৃষকৰ আন্দোলনক সমৰ্থন জনাই পঞ্জাৱৰ ৰাজ্যিক সাধাৰণ সম্পাদক মালবিন্দাৰ কঙৰ পদত্যাগ

October 18, 2020 5:17 pm · এন ই নাও নিউজ
Updated: October 18, 2020 5:26 pm

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে কৃষক সংগঠন আৰু বিৰোধী ৰাজনৈতিক দল সমূহে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বিজেপি ত্যাগ কৰিলে পাঞ্জাৱৰ ৰাজ্যিক সাধাৰণ সম্পাদক মালবিন্দাৰ কঙে।

পদত্যাগ কৰাৰ পিছতেই কঙে কয়, ‘নতুনকৈ গৃহীত হোৱা কৃষি আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাবে পদত্যাগ কৰা হৈছে। কৃষক সকলৰ হৈ মই মাত দিছো, তেওঁলোকৰ আন্দোলনক সমৰ্থন জনাইছো’।

তেওঁ লগতে কয়, ‘কৃষকৰ কথা শুনিবলৈ মই বহুবাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় বিজেপিৰ নেতৃত্বক অনুৰোধ কৰিছো কিন্তু তেওঁলোকে কোনো পদক্ষেপ হাতত লোৱা পৰিক্ষিত নহ’ল। সেয়ে মই কৃষক সকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই দলৰ পৰা পদত্যাগ কৰিলো’।

ইফালে ৰাজ্যিক সম্পাদক গৰাকীৰ পদত্যাগৰ বিষয়টো জ্ঞাত নহয় বুলি পাঞ্জাৱ বিজেপিৰ ৰাজ্যিক সভাপতি আশ্বিনী শৰ্মাই জানিবলৈ দিয়ে।

সভাপতি গৰাকীয়ে মালবিন্দাৰ কঙৰ ফালৰ পৰা কোনো ধৰণৰ পদত্যাগ পত্ৰ লাভ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই আইন কেইখনৰ বিৰোধিতা কৰি পঞ্জাৱ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি কিকৰ সিং কুটবেৱালা,ফিৰোজপুৰ বিজেপিৰ সাধাৰণ সম্পাদক চৰণদীপ সিং আৰু ফিৰোজপুৰ বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অংগ্ৰেজ সিং মিণ্টুৱেও দল ত্যাগ কৰিছিল।

Related News