NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ সোণোৱাল কছাৰী-মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি, সন্মিলিত গণশক্তিৰ জয়লাভ

Posted by: পার্শ্বজোতি গগৈ January 28, 2019 4:35 pm
election result

আজি ঘোষণা হোৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাৰ সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টি দুটাৰ পৰা এটাত বিজেপিৰ প্ৰাৰ্থী আৰু আন এটাত সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা নিৰ্বাচনৰ চূড়ান্ত ফলাফল অনুসৰি জিলাখনৰ ১৭ নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী যাদৱ ডেকাবৰুৱা বিজয়ী হয়।

বিজেপিৰ প্ৰাৰ্থী ডেকাবৰুৱাই ১১৫০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমল কছাৰীয়ে ৯৭৮টা আৰু নিৰ্দলীয় প্ৰাৰ্থী শুভ্ৰজিৎ সোণোৱালে ৬৮৫টা ভোট লাভ কৰে।

আনহাতে ৩৪ নং দিচাং-দিখৌ সমষ্টিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল অনুসৰি সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থী নিভা পেগু মিলি বিজয়ী হয়।

নিভা পেগু মিলিয়ে ৫৪০০টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী বৃষ্টি পাংগিং মিলিয়ে ৪০০৯টা ভোট,  কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেনুকা মিলিয়ে ১৭৭৫টা ভোট আৰু অগপৰ প্ৰাৰ্থী আৰতি য়েইনে ৪১০ টা ভোট লাভ কৰে।

উল্লেখ্য যে শিৱসাগৰ জিলাত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উক্ত সমষ্টি দুটাৰ বাবে অনুষ্ঠিত হৈ যোৱা নিবাৰ্চনৰ ভোটগণনা প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।