NORTHEAST NOW (Assamese)
অসম

জে পি নাড্ডাৰ সভালৈ নোযোৱাৰ বাবে শিৱসাগৰত দম্পতীক নিৰ্মম প্ৰহাৰ বিজেপি কৰ্মীৰ

Posted by: এন ই নাও নিউজ, শিৱসাগৰ Updated by: এন ই নাও নিউজ, শিৱসাগৰ June 19, 2023 12:50 pm

দেওবাৰে শিৱসাগৰত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰাজহুৱা সভাত অংশ নোলোৱাৰ বাবে এজন বিজেপি কৰ্মীয়ে এহাল দম্পতীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলত বিজেপি কৰ্মীজনে দম্পতীহালক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

অভিযুক্ত বিজেপি কৰ্মী গৰাকীৰ নাম অংশুমান বৰা। আনহাতে, ভুক্তভোগী পতি-পত্নী দুগৰাকী হ’ল তামাছ চাংমাই আৰু পূৰ্ণিমা চাংমাই।

লগতে পঢ়ক: ‘যোগী-হিমন্তই ক্ষমা খুজিব লাগিব’; আদিপুৰুষক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণ শিৱসেনাৰ

বিজেপি কৰ্মীগৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দম্পতীহালক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বিজেপি কৰ্মীগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগত ভুক্তভোগী দম্পতীয়ে এখন এজাহাৰ দাখিল কৰিছে।

সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভুক্তভোগী স্বামীয়ে কয় যে, ‘কালি নাড্ডাৰ সভাত অংশগ্ৰহণ নকৰাৰ বাবে অশুমানে মোৰ পত্নী আৰু মোক প্ৰহাৰ কৰে।

তেওঁ কয়, “মই আৰু মোৰ পত্নী দৈনিক মজুৰি কৰা মানুহ। আমি যদি সভাত অংশগ্ৰহণৰ বাবে যাওঁ তেন্তে আমাক কোনে খুৱাব।”

লগতে পঢ়ক: কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা! নেপথ্যত প্ৰেমিকা

তেওঁ অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে কামৰ অন্তত ঘৰত উপস্থিত হৈ কাপোৰ সলনি কৰি থকাৰ সময়তে অভিযুক্ত বিজেপি কৰ্মীজনে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে।

স্বামীয়ে অভিযোগ কৰে যে, ‘তেওঁ পত্নীক প্ৰহাৰ কৰে, কাপোৰ ফালি দিয়ে, মূৰ আৰু বুকুত প্ৰহাৰ কৰে, তাৰ পিছত ঘৰৰ পৰা টানি নি ৰাস্তালৈ লৈ যায়।‘’

অভিযুক্তই মহিলাগৰাকীক আক্ৰমণ কৰি থকাৰ সময়তে তেওঁৰ স্বামীয়ে কৰ্মস্থলীৰ পৰা আহি অভিযুক্তৰ পৰা পত্নীক বচাবলৈ চেষ্টা কৰে।কিন্তু তেওঁকো মূৰত খুন্দা মৰাত অচেতন হৈ পৰি যায়।

লগতে পঢ়ক: খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰিলে বন্দুকধাৰীয়ে

এই হুলস্থুল শুনি চুবুৰীয়াই ভুক্তভোগীক সহায়ৰ বাবে লৰালৰিকৈ দৌৰি আহে। ৰাইজৰ ভিৰ দেখি অভিযুক্তই পলায়ন কৰে।