NORTHEAST NOW (Assamese)
অসম

জোনাইত বিজেপিৰ জিলা সভানেত্ৰীৰ ঘৰত আক্ৰমণ ক্ষুব্ধ কৰ্মী-সমৰ্থকৰ; আৰক্ষী-চি আৰ পি এফ মোতায়েন

Posted by: প্ৰফুল্ল কামান November 18, 2018 9:54 pm
BJP office-

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সন্মিলিত গণশক্তি নামৰ এটা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি সৰহভাগ পদ এৰি দিয়াক লৈ ক্ষুব্ধ পৰিছে জোনাইৰ বিজেপি কৰ্মীসকল। ক্ষুব্ধ কৰ্মী-সমৰ্থকসকলে আজি জোনাইত থকা দলটোৰ দুটাকৈ মণ্ডল কাৰ্য্যালয় লণ্ডভণ্ড কৰে। কেৱল সেয়াই নহয়, বিজেপিৰ পতাকা আৰু অন্যান্য বয়বস্তুও জ্বলাই দিছিল।

তাৰোপৰি ক্ষুব্ধ হৈ পৰা বিজেপি কৰ্মীসকলে আজি জোনাইত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানৰ ঘৰত আক্ৰমণ কৰে। দলটোৰ নেতৃত্বই সন্মিলিত গণশক্তিৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰাই কৰ্মীসকলৰ খঙৰ কাৰণ।

“দলৰ নেতৃত্বই বিজেপিৰ নিষ্ঠাৱান কৰ্মীসকলক অপমান কৰিছে।” ক্ষুব্ধ এজন বিজেপি কৰ্মীয়ে কয়।

কৰ্মীসকলে অভিযোগ কৰামতে, দলে পঞ্চায়তৰ সকলো আসন সন্মিলিত গণশক্তিক এৰি দিছে। “আমি বিজেপিৰ জিলা সভানেত্ৰী ৰূপা কামানক যোগাযোগ কৰাত ‘এয়া ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত, এই ক্ষেত্ৰত কৰিব পৰা একো নাই’ বুলি উত্তৰ পাওঁ।” আন এগৰাকীয়ে কয়।

অঞ্চলটোৰ বিজেপি কৰ্মীসকল ইমানেই ক্ষুব্ধ হৈ পৰে যে তেওঁলোকে জোনাইত থকা জিলা সভানেত্ৰীৰ ঘৰ ঘেৰাও কৰে আৰু ঘৰলৈ শিগুটিও দলিয়ায়। পিছত আৰক্ষী আৰু চি আৰ পি এফ আহি পৰিস্থিতি চম্ভালে।

মন কৰিব লগীয়া যে যোৱা ১১ নৱেম্বৰত ক্ষুব্ধ বিজেপি কৰ্মীয়ে চিলাপথাৰত এখন হোটেলত আশ্ৰয় লৈ থকা লখিমপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা, জিলাৰ সভানেত্ৰী ৰূপা কামান আৰু অন্যান্য ৰাজ্যিক নেতৃত্বক ঘেৰাও কৰিছিল।