NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ সমষ্টিত দুৰ্নীতি! শুৱালকুছিত বিজেপি কৰ্মীৰ প্ৰতিবাদ কিয়?

July 23, 2021 2:13 pm · মৃদুল প্ৰীতম ডেকা
ফটো: নৰ্থইষ্ট নাও।

মুখ্যমন্ত্ৰীৰ সমষ্টিত বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। মুখ্যমন্ত্ৰী জিন্দাবাদ পঞ্চায়ত প্ৰতিনিধি মূর্দাবাদ ধ্বনিৰে শুকুৰবাৰে উত্তাল হৈছে শুৱালকুছি।

প্ৰচণ্ড গৰমত পূব শুৱালকুছি গাঁও পঞ্চায়ত কাৰ্য্যালয় ঘেৰাও কৰিছে ক্ষুব্ধ মহিলাই।

হাতে হাতে বিজেপিৰ দলীয় পতাকা লৈ প্ৰতিবাদত নামিছে মহিলাসকলে। পঞ্চায়ত সভাপতি দিগন্ত দাস আৰু কাউঞ্চিলৰ পুলকেন্দ্ৰ পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে দুৰ্নীতিৰ অভিযোগ।

প্ৰকৃত হিতাধিকাৰীয়ে নাপাই আঁচনিৰ সুবিধা। ধনৰ বিনিময়ত হিতাধিকাৰী নিৰ্বাচনৰ অভিযোগ ৰাইজৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বদনামী কৰাৰ অপচেষ্টা চলিছে নেকি?

মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰী পূব শুৱালকুছি গাঁও পঞ্চায়তত প্ৰতিটো আঁচনি ৰূপায়নতে দুৰ্নীতিৰ অভিযোগ উঠিছে।

দৰিদ্ৰ লোকক আঁচনি লাভৰ পৰা বঞ্চিত কৰি ধনৰ বিনিময়ত ধনী লোকক আঁচনি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহ, অৰুণোদয়, উজলা, সকলোতে দুৰ্নীতিৰ অভিযোগ।

পঞ্চায়ত প্ৰতিনিধি মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে পূব শুৱালকুছিৰ এই সকল মহিলা বিজেপি কৰ্মীসকলে।

Related News