NORTHEAST NOW (Assamese)
অসম

আন্দোলনকাৰী কৃষকক ‘গুণ্ডা’ আখ্যা; ক্ষমা বিচাৰিলে কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2021 1:13 pm
WhatsApp Image 2021-07-23 at 12.46.53 PM

নিজৰ দাবীত অটল আন্দোলনৰত কৃষকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিতৰ্কৰ মাজত সোমাই পৰিল বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখি।

তেওঁ কয়,’’এওঁলোক কৃষক নহয়, গুণ্ডা। ২৬ জানুৱাৰীত তেওঁলোকে লজ্জাজনক তথা অপৰাধমূলক কাম কৰিছিল। বিৰোধীসকলে এই কামত ইন্ধন যোগাইছিল।‘’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক লৈ ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। কৃষক সংগঠনসমূহেও উভতি ধৰে বিজেপি নেত্ৰীগৰাকীক।

ইয়াৰ পাছতে মীনাক্ষী লেখিয়ে দাবী কৰে যে তেওঁ মন্তব্যক বিকৃত ৰূপত তুলি ধৰা হৈছে। অৱশ্যে কোনোৱে যদি তেওঁৰ মন্তব্যত আঘাত পাইছে তাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰি সেই মন্তৱ্য প্ৰত্যাহাৰ কৰাৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে এখন সংবাদমেলত কেন্দ্ৰীয় বৈদেশইক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখিয়ে কৈছিল,’’যন্তৰ-মন্তৰত বহাৰ সময় নাই কৃষকসকলৰ। তেওঁলোকে পথাৰত কাম কৰিছে। এই প্ৰতিবাদৰ আঁৰত দালালসকল আছে। তেওঁলোকে কৃষকসকলৰ লাভ হোৱা নিবিচাৰে।‘’

আনহাতে, ‘গুম্ডা’ মন্তব্যৰ সম্পৰ্কত পাছত লেখিয়ে দাবী কৰে যে ২৬জানুৱাৰীক লৈ কৰা এটা নিৰ্দিষ্ট প্ৰশ্নৰ সন্দৰ্ভতহে তেওঁ এই মন্তৱ্য কৰিছিল। তেওঁৰ মন্তৱ্য বিকৃত কৰি উপস্থাপন কৰা হৈছে।

মীনাক্ষী লেখিৰ এই মন্তৱ্যক লৈ বিতৰ্কৰ অন্ত পৰা নাই। পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এই মন্তৱ্যক নিন্দা কৰি কয়,’’চৰকাৰে সকলো ক্ষেত্ৰতে কণ্ঠৰোধৰ চেষ্টা কৰিছে, তথাপি কৃষকসকলৰ মনোবল ভাঙিব পৰা নাই।‘’