NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক : এন আৰ চিক লৈ ৰণকৌশল প্ৰস্তুতি সন্দৰ্ভত আলোচনা

Posted by: ৰাজীব ৰয় September 30, 2018 12:11 pm
CM-2-750x375

এনআৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বহু সংখ্যক হিন্দু বাঙালীৰ নাম কৰ্তন হোৱাৰ বাতৰিত উদ্বিগ্ন হৈ পৰা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই শনিবাৰে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দল এটাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত বৰ্তমান উদ্ভৱ হোৱা পৰিস্থিতি আৰু বিষয়টো সন্দৰ্ভত দলটোৱে গ্ৰহণ কৰিবলগীয়া ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিতং আলোচনা কৰা বুলি এক দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মাই অংশ লোৱা উক্ত বৈঠকত এন আৰ চিৰ পৰা হিন্দু বাঙালীৰ নাম বাদ পৰি যোৱা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে।

উচ্চতম ন্যায়ালয়ে ১৫ বিধ নথিৰ ১০ বিধ নথিহে প্ৰযোজ্য বুলি দিয়া সিদ্ধান্ত আৰু এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত দিয়া প্ৰতিবেদনে দলটোক বিপাঙত পেলাইছে বুলি জানিব পৰা গৈছে।

শনিবাৰৰ এই বৈঠকত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এন আৰ চিৰ উপৰি ৰাজ্য চৰকাৰৰ কাম-কাজৰো খতিয়ান লয়। বৈঠকত ৰাজ্যখনৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰসংগতো আলোচনা কৰা হয়।

বৈঠকৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ২০১৯ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথ কমিটীবোৰ শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব দিবলৈ ৰাজ্যিক বিজেপিক নিৰ্দেশ দিয়ে।

আনহাতে, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকক জনায় যে বৈঠকত সাংগঠনিক বিষয়সমূহ আলোচনা কৰা হয়। কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিক ২৩টা কাৰ্য নিৰ্দ্ধাৰণ কৰি দিয়া বুলিও তেওঁ সদৰী কৰে। তদুপৰি, অহা ১০-১১ অক্টোবৰত মাজুলীত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ আৰু সাধাৰণ সম্পাদক ৰাম মাধৱে অংশ ল’ব বুলিও জানিবলৈ দিয়ে ৰাজ্যিক সভাপতিগৰাকীয়ে।

উল্লেখ্যোগ্য যে অনুপ্ৰৱেশকাৰীক উঁই পোকৰ লগত তুলনা কৰি সেইসকলক  ৰেহাই দিয়া নহ’ব বুলি ৰাজহুৱা মঞ্চত ঘোষণা কৰা অধ্যক্ষ অমিত শ্বাহে হিন্দু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰি আহিছে।