NORTHEAST NOW (Assamese)
Popular Stories

সময়ৰ আহ্বান! ১৪ বছৰৰ তলৰ শিশুৰ বাবে কঠোৰভাৱে নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2024 1:03 pm

এতিয়াৰে পৰা ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে। এই নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰা হৈছে। এই নিষেধাজ্ঞাৰ বাবে ফেচবুক, টিকটক, ইউটিউবৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়াত ডাঙৰ জোকাৰণিৰ সন্মুখীন হৈছে। বহু মনোবিজ্ঞানীৰ মতে নিষিদ্ধ বিষয়ৰ প্ৰতি আগ্ৰহো এক উদ্বেগৰ বিষয়।

আমেৰিকাৰ ফ্ল’ৰিডা প্ৰদেশে মানসিক স্বাস্থ্য আৰু অনলাইন অপৰাধৰ সুৰক্ষাৰ বাবে বিধেয়ক গৃহীত কৰিছে। ফ্ল’ৰিডাৰ প্ৰশাসকে জনোৱা মতে, ১৪ বছৰৰ তলৰ শিশুক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে, এই বিধেয়কখনত ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছে স্বাক্ষৰ কৰিছে।বিধেয়কখনৰ মতে ১৪ বছৰৰ তলৰ কোনো শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়কঃ আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

ইপিনে, ১৪ৰ পৰা ১৫ বছৰীয়া শিশুক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ অভিভাৱকৰ অনুমতিৰ প্ৰয়োজন হ’ব। ১৬ বছৰৰ তলৰ যিসকলৰ একাউণ্ট আছে কিন্তু পিতৃ-মাতৃৰ অনুমতি নাই তেওঁলোকে থাৰ্ড পাৰ্টিৰ দ্বাৰা ভেৰিফিকেশ্যন কৰাব লাগিব। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই আইন।

ফ্ল’ৰিডাৰ গৱৰ্ণৰ ডিছান্টিছে এক বিবৃতিত কয় যে ছ’চিয়েল মিডিয়াই শিশুৰ বহু দিশত ক্ষতি কৰে। এই আইনখনে পিতৃ-মাতৃক সন্তানক সুৰক্ষা দিবলৈ যথেষ্ট ক্ষমতা প্ৰদান কৰিছে।

লগতে পঢ়কঃ পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

সমালোচকসকলে কয় যে এই বিধেয়কখনে বাক স্বাধীনতাৰ বাবে আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনীৰ সুৰক্ষা উলংঘা কৰিছে। আৰম্ভ হৈছে বিতৰ্ক। সেই বিতৰ্কৰ আলোড়ন সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।