NORTHEAST NOW (Assamese)
অসম

১০০+ৰ লক্ষ্যৰে বাক্সাত আজিৰে পৰা আৰম্ভ হ’ল বিজেপিৰ জনসম্পৰ্ক অভিযান

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 7, 2021 8:48 pm
Baska Jana samparka BJP

বৃহস্পতিবাৰৰ পৰা বাক্সাত আৰম্ভ হ’ল বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী। ভিতৰুৱা গাঁও অঞ্চল আৰু দোকান-প্ৰতিষ্ঠানত গৈ বিজেপিৰ নেতা-কৰ্মীসকলে জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ন কৰে।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ১০০+ৰ  লক্ষ্যৰে বাক্সাৰ ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ পৰাই বিজেপিৰ কাৰ্যকর্তা সকলে এই অভিযান আৰম্ভ কৰে।

বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আজি বাক্সা জিলাতো লোকৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক অভিযানৰ জৰিয়তে জিলাখনৰ প্ৰতিটো বুথৰ অন্তৰ্গত পৰিয়ালৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলি দল আৰু চৰকাৰৰ নীতি-সিদ্ধান্ত আৰু কৰ্মৰ বিষয়ে ৰাইজক অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰি বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ কর্মী সকলে।

অনুষ্ঠানত অংশ লৈছে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, অনুসূচীত জাতি মৰ্চাৰ সভাপতি গজেন দাস, বিটিচিৰ নব নির্বাচিত ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ পাৰিষদ ধৰ্ম নাৰায়ণ দাসৰ লগতে বহু নেতা-কৰ্মীয়ে।