NORTHEAST NOW (Assamese)
অসম

বিজেপিত সোণোৱালৰ তুলনাত নাই মুখ্যমন্ত্ৰী পদৰ বিকল্প প্ৰাৰ্থী; স্পষ্ট কৰিলে ৰাম মাধৱে!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 17, 2020 7:21 pm
Sonowal with Ram Madhab

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পাঁচটা বছৰ হওঁ হওঁ। সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন গতিকে এতিয়া জনসাধাৰণৰ মনত এটাই প্ৰশ্ন ‘মূল মূল ৰাজনৈতিক দলসমূহৰ কোন কোন হ’ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী?’

কোনো এটা ৰাজনৈতিক দলৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নিশ্চিত হোৱা নাই যদিও চৰ্চা চলি আছে বহুকেইজন নেতাৰ নাম।

বিজেপিতো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা নে ৰঞ্জিত দাস? এই চৰ্চাও নচলা নহয়।

এই চৰ্চাসমূহ চলি থকাৰ সময়তে পুনৰবাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বতে আগন্তুক নিৰ্বাচনী ৰণত প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰিছিল ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া ৰহটকাৰে।

একেটা দিনতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাম মাধৱেও সেই একেই ইংগিত দিয়ে।

ৰাম মাধৱৰ মতে ‘অসমৰ জনতাৰ হাতত সমৰ্পণ হৈ ৰাজ্যত বিজেপি চৰকাৰ পাঁচ বছৰ চলিল। আশা কৰো সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ টীমটোক অসমৰ মানুহে আৰু আশীৰ্বাদ দিব।‘

‘যেনেকৈ নৰেন্দ্ৰ মোদীক ২০১৪ ৰ তুলনাত ২০১৯ ত যেনেকৈ অধিক ভোট দি চৰকাৰ বনোৱাত সহায় কৰিছিল ঠিক সেইদৰে অসমতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিক অধিক ভোট দি পাঁচবছৰ শাসন কৰাৰ সুযোগ দিব।‘ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৭০ গৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় ৰাম মাধৱে।

তেওঁৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে প্ৰধান মন্ত্ৰী পদৰ বাবে যিদৰে বিজেপিয়ে নৰেন্দ্ৰ মোদীকে প্ৰক্ষেপ কৰিছিল ঠিক সেইদৰে অসমতো সৰ্বানন্দ সোণোৱালকে মুখ্য মন্ত্ৰীৰ পদত প্ৰক্ষেপ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ইয়াৰ পৰা স্পষ্ট যে, ৰাজ্যিক বিজেপিতো মুখ্যমন্ত্ৰী পদৰ বাবে সোণোৱালৰ দ্বিতীয় বিকল্প নাই।

পুনৰবাৰ বিজেপিয়ে সোণোৱালকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ লগতে তেওঁৰে নেতৃত্বত বিজেপিয়ে ২০২১ ৰ নিৰ্বাচনী ৰণডংকা বজাব।

এতিয়া চৰ্চিত হৈছে যে মুখ্যমন্ত্ৰী পদটোৰ বাবে আশা পালি থকা বহুতৰে আশাত ৰাম মাধৱে চেঁচা পানী ঢালিলে।