NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত কংগ্রেছক বেইমান পার্টী আখ্যা সোণোৱালৰ : কাইলৈ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ December 20, 2018 10:48 pm
Sonowal-1-750x375

নতুন দিল্লীত আজি মুখ্য মন্ত্ৰী সোণোৱালে এক সংবাদমেলত কংগ্ৰেছক চোকা ভাষাৰে তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে দেশবাসীক প্ৰৱঞ্চনা কৰি লুটপাত চলোৱাৰ অভিযোগ তুলি সোণোৱালে কংগ্ৰেছক বেইমান পাৰ্টী আখ্যা দিয়ে। মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছে ৭ লাখ ভুৱা শিশুৰ তথ্যৰে মধ্যাহ্ন ভোজনৰ ধন লুট কৰাৰো অভিযোগ তোলে।

অসমত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সফলতাক মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপিৰ সুশাসনৰ প্ৰতি এক জনমত বুলি অভিহিত কৰে।

ৰাজ্য চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰি সোণোৱালে অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। তেওঁ কয়, ‘’ এপিএছচি কেলেংকাৰিত ৫২ জনক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰত দুখন দলং মুকলি হৈছে। তদুপৰি, অহা ২৫ ডিচেম্বৰত বগীবিল দলং মুকলি হ’ব।‘’

সোণোৱালে পঞ্চায়ত নিৰ্বাচনত অসমত জনসাধাৰণে কংগ্ৰেছক তৃণমূল পৰ্যায়ত প্ৰত্যাখ্যান কৰা বুলি ব্যক্ত কৰি বিজেপিয়ে অসমৰ ৰাইজৰ অন্তৰ জয় কৰা বুলি মন্তৱ্য কৰে। আনহাতে, ৰাহুল গান্ধীয়ে অসমৰ কৃষক সন্দৰ্ভত কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘’ আপোনাৰ (ৰাহুল গান্ধী) অসম বা অসমৰ কৃষক সম্পৰ্কত কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। সকলোৱে জানে আপোনাৰ দলৰ পূৰ্বৰ চৰকাৰে কেনেকৈ অসমত কৃষকৰ বাবে অহা সম্পদসমূহ লুণ্ঠন কৰিছিল।‘’

সোণোৱালে লগতে কয়, পূৰ্বৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে (ড০ মনমোহন সিঙে) ১০ বছৰ ধৰি অসমক প্ৰতিনিধিত্ব কৰিছিল, তেওঁ অসমৰ বাবে কি কৰিছিল? তেওঁ একো কৰা নাছিল। তেওঁ বগীবিল দলঙৰ বাবেও একো নকৰিলে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।‘’

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসম গণ পৰিষদ এতিয়াও অসমত বিজেপিৰ লগত আছে। ‘’ আমাক প্ৰথমতে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব দিয়ক আৰু তাৰপাছত সকলোবোৰ ঠিক হ’ব। অগপ এতিয়াও আমাৰ লগত আছে।‘’

ইপিনে, নতুন দিল্লীত মুখ্য মন্ত্ৰী সোণোৱালে কংগ্ৰেছ দল আৰু ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তৱ্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাইলৈ দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।