NORTHEAST NOW (Assamese)
Popular Stories

জনমানসত হেয় বিজেপি! অভিযুক্ত-অভিযোগকাৰীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 3, 2020 7:24 pm
nirmal durlav

যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি অহা লখিমপুৰ বিজেপিৰ দুই যুৱ নেতা ক্ৰমে অভিযোগকাৰী নিৰ্মল পায়েং আৰু অভিযুক্ত দুৰ্লভ নাথলৈ ৰাজ্যিক বিজেপিৰ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ স্বাক্ষৰিত কাৰণ দৰ্শোৱাৰ জাননীত সভাপতি ৰঞ্জিত দাসে দুয়োকে এক নিৰ্দেশনা প্ৰদান কৰে।

দুৰ্লভ নাথলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত দাসে নিৰ্দেশ দি কয় ‘আপুনি ধনৰ লেন-দেন কৰি চৰকাৰী ঠিকা আবন্টন দিয়াৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এনে কাৰ্যৰ ফলত জনমানসত দলৰ ভাৱমুৰ্তি ম্লান হৈছে।‘

‘সেয়েহে অহা এক সপ্তাহৰ ভিতৰত অৰ্থ্যাৎ ১০ জুনৰ ভিতৰত আপোনাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত লিখিত স্পষ্টীকৰণ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।‘ জাননীত উল্লেখ।

ইপিনে, অভিযোগকাৰী বিজেপিৰ যুৱ নেতা নিৰ্মল পায়েংলৈ প্ৰেৰণ কৰা জাননীত দাসে উল্লেখ কৰি কয় ‘আপুনি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য দুৰ্লভ নাথৰ লগত ধনৰ লেন-দেন কৰি চৰকাৰী ঠিকা লাভ কৰিবলৈ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু দলৰ সদস্য হিচাপে বিষয়টো মিডিয়াত প্ৰচাৰ কৰিছে।‘

‘অহা তিনিদিনৰ ভিতৰত অৰ্থ্যাৎ ৬ জুনৰ ভিতৰত অভিযোগ সন্দৰ্ভত আপোনাৰ হাতত থকা তথ্য ৰাজ্যিক কাৰ্যালয়ত দাখিল কৰিবলৈ জনাইছো।‘ জাননীত উল্লেখ।

যদি ওপৰোক্ত নিৰ্দেশনা সমূহ মানি নলয় তেন্তে ৰাজ্যিক বিজেপিয়ে দুয়োজন যুৱ নেতাৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক উচ্চস্তৰীয় সুত্ৰই প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক বিজেপিয়ে কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত উত্তৰ দিব নোৱাৰিলে দুয়োকে দলৰ পৰা বহিস্কাৰ অথবা নিলম্বন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখযোগ্য যে, লখিমপুৰ বিজেপিৰ যুৱ নেতা দুৰ্লভ নাথৰ বিৰুদ্ধে দলৰে অন্য এগৰাকী সদস্য নিৰ্মল পায়েঙৰ পৰা গড়কপ্তানি বিভাগৰ ঠিকা লাভ কৰাৰ বাবদ বৃহৎ অংকৰ ধন লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্মল পায়েঙে নিজে স্ক্ৰীণ শ্বট ভাইৰেল কৰি তেওঁৰ পৰা দুৰ্লভে ১ লাখ ৭০ হাজাৰ টকা লোৱা বুলি অভিযোগ আনিছিল।

বিজেপিৰ ভিতৰছোৱাৰ এনেবোৰ কাণ্ডই বাৰুকৈয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিত আঘাত হনা পৰিলক্ষিত হৈছে।