NORTHEAST NOW (Assamese)
অসম

গেৰুৱা হ’ল শিৱসাগৰ: বিজেপিৰ দখলত শিৱসাগৰ জিলাৰ আটাইকেইখন পৌৰসভা

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ March 9, 2022 12:13 pm
Sivasagar municipal election result

যোৱা ৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। শিৱসাগৰ জিলাৰ পাঁচখন পৌৰসভা আটাইকেইখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ নগৰৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ ভিতৰত ১২ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হয়। ১ আৰু ২ নং ৱাৰ্ড ৰাইজৰ দলে লাভ কৰাৰ বিপৰীতে ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, ১৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হয়।

কংগ্ৰেছ দলে শিৱসাগৰ পৌৰসভাত এটা ৱাৰ্ডতো জয় লাভ কৰিবলৈ সক্ষম ন’হল।

ডিমৌত মুঠ ১০ টা ৱাৰ্ডৰ ৮ টা ৱাৰ্ডতে বিজেপি জয়ী হোৱাৰ বিপৰীতে অগপই দুটা ৱাৰ্ডত জয়ী হয়।

ডিমৌ পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহল।

ইপিনে আমগুৰিত যুৱ কংগ্ৰেছী অংকিতা দত্তৰ নেতৃত্বত পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলে ৪ টা ৱাৰ্ড দখল কৰাৰ বিপৰীতে বিজেপিয়ে ৩ টা, অগপই ২ টা আৰু ১ টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়।

আনহাতে নাজিৰা পৌৰসভাত ১০ টা ৱাৰ্ডৰ ভিতৰত ১০ টাতে বিজেপি জয়ী হয়। কংগ্ৰেছৰ ঘাটি হিচাপে চিহ্নিত নাজিৰা সমষ্টিৰ অন্তৰ্গত নাজিৰা পৌৰসভাত কংগ্ৰেছে এটা ৱাৰ্ডটো জয় লাভ কৰিবলৈ সক্ষম নহল।

তদুপৰি শিমলুগুৰি পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডতে বিজেপি জয়ী হয়। মাত্ৰ এটা ৱাৰ্ড কংগ্ৰেছ দলে লাভ কৰিবলৈ সক্ষম হয়।