NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক : আজি ক’লা দিৱস পালন অসমৰ জাতীয় সংগঠনৰ

January 7, 2019 12:02 pm · এন ই নাও নিউজ
Updated: January 7, 2019 2:45 pm
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। ফাইল ফটো : নৰ্থইষ্ট নাও

আজি দিল্লীৰ সংসদ ভৱনৰ সমীপত কৃষক মুক্তিসহ ৭০টা সংগঠনৰ কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে  উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

অসমৰ জাতীয় সংগঠনসমূহে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত ক’লা দিৱস পালন কৰিছে। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যখনৰ ৭০ টাকৈ সংগঠনে ৰাজ্যজুৰি পালন কৰিছে এই ক’লা দিৱস বা ঘৃণা দিৱস।

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ঘৃণা দিৱস পালন কৰাৰ লগতে মহানগৰীৰ বৰবাৰীত ক’লা পতাকা উত্তোলন কৰে।

জানিব পৰা মতে, ৰাজ্যখনৰ লখিমপুৰ, নগাঁও আদি স্থানত ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰিছে প্ৰতিবাদকাৰী সংগঠনৰ সদস্যসকলে। জিলা বিজেপিৰ মুখ্য কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে ইয়াৰ সন্মুখতে ক’লা পতাকাও উত্তোলন কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে ক’লা পতাকা লৈ ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰতিবাদ সাৱ্যস্ত কৰিছে। জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যজুৰি এই প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছে।

আনহাতে, লোকসভাত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব আৰু কাইলৈৰ ভিতৰত ইয়াক গৃহীত কৰাৰ বাবে বিজেপিয়ে চেষ্টা চলাব।

লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা থকালৈ চাই বিধেয়কখন লোসভাত গৃহীত হোৱাত আপাতত: কোনো বাধা নাই। অৱশ্যে, চৰকাৰে প্ৰক্ৰিয়াটো সম্পৰ্কে এতিয়াও কোনো কথা স্পষ্ট কৰা নাই।

Related News