NORTHEAST NOW (Assamese)

“আন ৰাজ্যৰ চৰকাৰক সমালোচনা কৰি থাকিলে বান সমস্যা সমাধান নহয়”, কেজৰিৱালক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

July 16, 2023 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 16, 2023 8:14 pm

দিল্লীৰ শেহতীয়া বান পৰিস্থিতিক লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই।

দিল্লীৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে আন ৰাজ্যৰ চৰকাৰক দোষাৰোপ কৰিলে বান সমস্যাৰ সমাধান নহয়। ইয়াৰ পৰিৱৰ্তে নিজৰ ৰাজ্যৰ বান সমস্যাত গুৰুত্ব আৰোপ কৰব লাগে।

দেওবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা পানীৰ বাবেই দিল্লীৰ বানপানীৰ সৃষ্টি হোৱা বুলি বিভিন্ন বক্তব্য দেখিবলৈ পাইছোঁ। পানীয়ে কোনো ভূগোল নাজানে। অসমে অৰুণাচল প্ৰদেশ, চীন আৰু ভূটানৰ পৰাও পানী লাভ কৰে। অসম এখন গ্ৰাহক ৰাজ্য। কিন্তু আমি তেওঁলোকক সমালোচনা নকৰো কাৰণ আমি বিশ্বাস কৰোঁ যে এইটো এটা প্ৰাকৃতিক পৰিঘটনা আৰু ইয়াৰ বাবে আমি বৈজ্ঞানিক সমাধান নিৰ্দ্ধাৰণ কৰিব লাগিব।”

ইয়াৰ পূর্বে আজি হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰে শেহতীয়া বানপানীৰ বাবে নিজৰ ৰাজ্যক দোষাৰোপ কৰা দিল্লী চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ 

তেওঁ কয়, ‘এই দোষাৰোপ খেলখন ভাল নহয়। ই মানৱতাৰ স্বাৰ্থত নহয়, ৰাষ্ট্ৰ বা দেশৰ স্বাৰ্থতও নহয়। এনে অভিযোগেৰে তেওঁলোকে হাৰিয়ানাক বদনাম কৰিব নোৱাৰে। নিজকে ৰক্ষা কৰিবলৈ কাৰোবাৰ ক্ষতি কৰাটো কেতিয়াও কাৰো মনলৈ আহিব নালাগে। নীচ মনৰ মানুহেহে এই কাম কৰিব পাৰে।”

Related News