NORTHEAST NOW (Assamese)
দেশ

তেলেংগানাত ৰাসায়নিক কাৰখানাত বিস্ফোৰণঃ ৫জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2024 7:51 pm
Blast At Factory In Telangana

তেলেংগানাত সংঘটিত হৈছে এক ভয়াৱহ বিস্ফোৰণ। ৰাজ্যখনৰ সাংগাৰেডী জিলাৰ এটা ৰাসায়নিক কাৰখানাৰ ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত ৫জন লোকৰ মৃত্যু হৈছে।

কাৰখানাটোৰ ভিতৰত আন আঠৰ পৰা দহজন ব্যক্তি এতিয়াও আবদ্ধ হৈ আছে। এনে পৰিস্থিতিত বিস্ফোৰণৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ সময়ত কাৰখানাটোত ৫০ জন লোক আছিল। নিহত লোকসকলৰ ভিতৰত কাৰখানাটোৰ এজন মেনেজাৰো আছে বুলি সন্দেহ কৰা হৈছে।

ইফালে এই বিস্ফোৰণৰ পিছত কাৰখানাটোৰ আন এটা ৰিয়েক্টৰ বিস্ফোৰণ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

এনে আশংকাৰ বাবে কৰ্তৃপক্ষই আশে-পাশে থকা অঞ্চলৰ পৰা স্থানীয় লোকসকলক স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে।

বিস্ফোৰণত আহত লোকসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰিছে কৰ্তৃপক্ষই।