NORTHEAST NOW (Assamese)

পঞ্জাৱৰ আদালত চৌহদত বিস্ফোৰণ, দুজন নিহত

December 23, 2021 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

পঞ্জাৱৰ লুধিয়ানাৰ এখন আদালত চৌহদত হোৱা বিস্ফোৰণত দুজন লোকৰ মৃত্যু হৈছে।

বিস্ফোৰণটোত চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে।

দুপৰীয়া প্ৰায় ১২:২২ বজাত আদালতৰ দ্বিতীয় মহলাৰ এটা বাথৰুমত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰিছে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে।

Related News