NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বিস্ফোৰণত কঁপি উঠিল মণিপুৰৰ ৰাজধানী ইম্ফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 12:55 pm
Imphal-blast-image

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে ৰাতিপুৱা মণিপুৰৰ ৰাজধানী ইম্ফল বোমা বিস্ফোৰণত কঁপি উঠে।

আই ই ডি বিস্ফোৰণ বুলি সন্দেহ কৰা বিস্ফোৰণটোত এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হয়।

ইম্ফলৰ আৰ আই এম এছ পথত বিস্ফোৰণটো সংঘটিত হয়।

বিস্ফোৰণটোত ছিটিকি পৰা আইনাৰ টুকুৰাৰ আঘাতত কিশোৰী গৰাকী আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

পশ্চিম ইম্ফল জিলাৰ লামফেল আৰক্ষী চকীৰ অন্তৰ্গত আৰ আই এম এছ পথত বৃহস্পতিবাৰে ৰাতিপুৱা ৪.৫৫ বজাত বিস্ফোৰণটো সংঘটিত হয়।

বাতৰি যুগুতোৱা সময়লৈ কোনো বিদ্ৰোহী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নায়।

আনহাতে, আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক ইম্ফলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কিশোৰী গৰাকী বৰ্তমান সম্পুৰ্ণৰূপে সংকট মুক্ত বুলি চিকিৎসকে কৈছে।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম তথা উত্তৰ-পূবত নিৰাপত্তা দিশৰ ক্ষেত্ৰত যথেষ্ট সতকৰ্তা অৱলম্বন কৰা হৈছে।