NORTHEAST NOW (Assamese)
অসম

১৩ গৰাকী দৃষ্টিহীন শিল্পীৰে গুৱাহাটীত গঠন ‘শ্ৰোতা’ মিউজিক বেণ্ড

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 24, 2018 10:01 pm

তেওঁলোকে চকুৰে নেদেখে পৃথিৱীখন, কিন্তু সুৰেৰে জয় কৰিব পাৰে বিশ্বৰ প্ৰতিজন লোকৰে অন্তৰ। তেনে সুললিত কন্ঠৰ অধিকাৰী ১৩ গৰাকীকৈ প্ৰতিভাৱান যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে এক মিউজিক বেণ্ড।

বুধবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে ১৩ গৰাকী দৃষ্টিহীন শিল্পীৰে গঠিত মিউজিক বেণ্ডটোৱে। নাম ‘শ্ৰোতা’।

‘শ্ৰোতা’ৰ সদস্য হিচাপে থকা শিল্পী কেইগৰাকী হৈছে মেহবুব আলী, প্ৰতাপ ৰাজবংশী, পপী দেৱী, কিৰণ বালা দেৱী, অজয় ৰাজবংশী, পৰমেশ্বৰ নাথ, উৎপল ঠাকুৰীয়া, নীলোৎপল বৈশ্য, গোবিন সোণাৰ, দিগম্বৰ হাজৰিকা, মনালিছা বৰা, দেৱাশিস দাস আৰু ডিম্বেশ্বৰ দাস।

উল্লেখ্য যে কেইবাগৰাকীও নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিয়ে এই যুৱক-যুৱতীকেইগৰাকীক সংগঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লৈছিল।

উদ্যোগ লোৱা এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে, ‘‘আমি দুবছৰ আগতে এইসকল যুৱক-যুৱতীক লগ পাইছিলো। তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী কৰি অহা বুলি আমি জানিব পাৰিছিলো আৰু তেওঁলোকৰ প্ৰতিভাৰ উমান পাইছিলো। লগতে তেওঁলোকৰ আৰ্থিক অস্বচ্ছলতাৰ কথা আমি অনুমান কৰিছিলো। গতিকে তেওঁলোকে এটা বেণ্ড হিচাপে সংগঠিত হৈ অনুষ্ঠান পৰিবেশন কৰাৰ বাবে কিছু সহায় আগ বঢ়াবলৈ সিদ্ধান্ত ল’লো।”

বুধবাৰৰ অনুষ্ঠানত শিল্পীকেইগৰাকীয়ে কেইবাটাও গীত পৰিৱেশন কৰে। ইতিমধ্যে বিভিন্ন মঞ্চত সংগীত পৰিৱেশনৰ বাবে তেওঁলোক বাদ্য-যন্ত্ৰৰ সৈতে সম্পূৰ্ণ সাজু হৈ উঠিছে।

অনুষ্ঠানটিত মনীষা হাজৰিকা, জে পি দাস, ৰমেন বৰুৱা, ৰমেন চৌধুৰীকে প্ৰমুখ্য কৰি বহু কেইবাগৰাকী বিশিষ্ট শিল্পী উপস্থিত থাকি বেণ্ডটোলৈ শুভেচ্ছা জ্ঞাপন কৰে।