NORTHEAST NOW (Assamese)
অসম

কোনে আলফা (স্বাঃ)লৈ নিলে দেৰগাঁৱৰ আছু নেতা পংকজ প্ৰতীম দত্তক?

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 24, 2018 10:17 pm
ulfa_I pankaj

গোলাঘাট জিলাৰ দেৰগাঁৱৰ সৰবৰহী যুৱক তথা দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ প্ৰতীম দত্তই আলফা(স্বাঃ)ত যোগদান কৰাৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো যুৱকজনে আলফা (স্বাঃ)ত যোগদান কৰাৰ পাছতে আৰক্ষীয়ে লাভ কৰিছিল কেতবোৰ বিশেষ তথ্য আৰু তাৰ ভিত্তিত এজন লোককো গ্ৰেপ্তাৰ কৰিছিল।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ে জানিবলৈ দিয়া মতে অমিত বল্লভ গোস্বামী নামৰ গোলাঘাটৰ এজন প্ৰাক্তন আলফাৰ সহায়েৰে আলফা (স্বাঃ)ত যোগদান কৰিছিল দেৰগাঁৱৰ আছু নেতা পংকজ প্ৰতীম দত্তই।

যোৱা ৫ চেপ্টেম্বৰৰ পৰা পংকজ সন্ধানহীন হোৱাৰ কেইদিনমানৰ পাছতেই গোলাঘাট আৰক্ষীয়ে লাভ কৰা এক বিশেষ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল অমিত বল্লভ গোস্বামীক। আৰক্ষীয়ে চলোৱা জেৰাত পংকজ প্ৰতীম দত্তক তেৱেঁই আলফা (স্বাঃ)লৈ পঠোৱাৰ কথা স্বীকাৰ কৰিছিল।

দেৰগাওঁ আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে যুৱকজন সন্ধানহীন হোৱাৰ পাছতেই তেওঁৰ পৰিয়ালে দেৰগাওঁ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে যুৱকজনে আলফা (স্বাঃ)ত যোগদানৰ খবৰ লাভ কৰাৰ পাছত পৰিয়ালক সেই কথা অৱগত কৰিছিল যদিও পৰিয়ালে সেই কথা মানি লোৱা নাছিল।

এতিয়া যুৱকজনে নিজেই চ’চিয়েল মিডিয়াত স্বীকাৰোক্তি দিয়াৰ পাছত পৰিয়ালে কথাটো বিশ্বাস কৰিবলৈ বাধ্য হৈছে।

ইপিনে জানিব পৰা মতে প্ৰাক্তন আলফা অমিত বল্লভ গোস্বামীয়ে পংকজৰ লগত মৰিগাঁৱৰ এজন যুৱককো আলফা (স্বাঃ)লৈ পঠিয়াইছিল।

এই সন্দৰ্ভত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আমাক কয়, ‘‘অমিত বল্লভ গোস্বামীয়ে দেৰগাঁৱৰ পংকজ প্ৰতীম দত্তৰ লগতে মৰিগাওঁ জিলাৰ মনহা কচাৰীগাঁৱৰ চম্পক ডেকা নামৰ বিবাহিত যুৱকজনকো লৈ গৈছে। চম্পকৰ শহুৰেকৰ ঘৰ দেৰগাঁৱত আৰু তেনেকৈয়ে অমিতৰ লগত চিনাকী। তেওঁ তেওঁৰ ঘৈণীয়েকক লগত লৈ শহুৰেকৰ ঘৰলৈ গৈছিল যদিও তাত ঘৈণীয়েকক এৰি অন্তৰ্ধান হয়।”

অৱশ্যে পংকজ প্ৰতীম দত্ত আলফা (স্বাঃ)লৈ যোৱাৰ তথ্য চ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’যোগে স্পষ্ট হৈছে যদিও এই পৰ্যন্ত পংকজৰ সম্ভেদ সম্পৰ্কে তেনে কোনো তথ্য প্ৰকাশ পোৱা নাই।

ইপিনে, আলফা(স্বাঃ)ত যোগদান কৰা ছাত্ৰ নেতা পংকজ কুমাৰ দত্তৰ সম্পৰ্কত কোনো কথা সদৰী কৰা নাই দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাই। অৱশ্যে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পলাশ বৰাই এই ঘটনা সন্দৰ্ভত গোলাঘাট জিলা ছাত্ৰ সন্থাই এখন বৈঠক অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে। কিন্তু বৈঠকৰ সিদ্ধান্ত বাতৰি লিখা সময়লৈ জানিব পৰা যোৱা নাই।