NORTHEAST NOW (Assamese)
অসম

বাধাৰ প্ৰাচীৰ ভাঙি সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিলে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ে

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা May 17, 2019 6:53 am
IMG-20190516-WA0052

সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। ১০০শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি  বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে বিজয়ৰ ধাৰা অক্ষুন্ন ৰাখিলে।

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ- ছাত্ৰী। বিদ্যালয় খনৰ পৰা মুঠ দুগৰাকী ছাত্ৰ ছাত্ৰী অবতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ জয়ন্ত বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, বিদ্যালয় খনৰ ছাত্ৰী মমিতা বিশ্বাস উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত।

উল্লেখ্য যে, বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰ্যাপ্ত নাছিল কিতাপ, ৰেকৰডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উৰ্ত্তীণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী দুগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে।

ছাত্ৰ-ছাত্ৰী দুজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ লগতে সমগ্ৰ বঢ়হমপুৰবাসী ৰাইজ।