NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত ব্লক পৰ্য্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা December 1, 2019 5:18 pm
কৃষ্ণাইত ব্লক পৰ্য্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি

গোৱালপাৰা জিলাৰ কৃষ্ণাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ব্লক পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে।

নেহেৰু যুৱ কেন্দ্ৰ গোৱালপাৰাৰ উদ্দ্যোগত আৰু গ্ল’ৱেল ইনষ্টিটিউট অৱ হায়াৰ এডুকেশ্যনৰ সহযোগত অনুষ্ঠিত উক্ত ক্ৰীড়া প্ৰতিযোগীতাত ভলীবল, কাবাদী আৰু ৰছী টনাৰ লগতে বিভিন্ন খেল অনুষ্ঠিত হয়।

পিছত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, কৃষ্ণাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাকে ধৰি ভালেসংখ্যক লোক।

বঁটা বিতৰণী সভাৰ আঁত ধৰে আব্দুল হাই আহমেদে আৰু শলাগৰ শৰাই আগবঢ়াই আব্দুল জলিলে।