NORTHEAST NOW (Assamese)
Popular Stories

অনলাইন নহয়, লিখিত পৰীক্ষাহে অনুষ্ঠিত কৰিব CBSE ব’ৰ্ড-এ : পিছে কেতিয়াকৈ অনুষ্ঠিত হ’ব পৰীক্ষা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2020 11:07 am
index.jpgaa

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ (CBSE)এ নিজৰ অধীনস্থ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে ব’ৰ্ডে ব’ৰ্ডৰ অধীনস্থ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

পৰক্ষীসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত কৰিব সেই কথা ব’ৰ্ডে ঘোষণা কৰা নাই যদিও সকলো পৰীক্ষাই লিখিত পদ্ধিতহে অনুষ্ঠিত কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ব’ৰ্ডে।

উল্লেখ্য যে কোভিড১৯ মহামাৰীৰ বাবে চলিত বৰ্ষৰ উচ্চ শিক্ষাৰ পৰীক্ষাসমূহ অনলাইনযোগে অনুষ্ঠিত হোৱাৰ পিছতে CBSE ব’ৰ্ডৰ আগন্তুক পৰীক্ষাসমূহো অনলাইন পদ্ধতিতে অনুষ্ঠিত কৰা হ’ব ধাৰণা কৰা হৈছিল।

CBSEৰ মুখপাত্ৰ ৰাম শৰ্মাই সংবাদ মাধ্যমক বুধবাৰে কয় যে পৰীক্ষাৰ চূড়ান্ত সূচী তথা দিন এতিয়াও ধাৰ্য কৰা হোৱা নাই যদিও পৰীক্ষাসমূহ লিখিত পদ্ধিতৰে অনুষ্ঠিত কৰা হ’ব।

শৰ্মাই লগতে প্ৰেক্টিকেল পৰীক্ষাৰ সংক্ৰান্তত কয় যে যদি শিক্ষাৰ্থীসকলে প্ৰেক্টিকেল ক্লাছ কৰিবলৈ সমৰ্থ নহয়, তেনেহ’লে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে অন্য বিকল্প সন্ধান কৰা হ’ব। অৱশ্যে কি বিকল্পৰ সন্ধান কৰা হ’ব সেয়া মুখপাত্ৰ শৰ্মাই স্পষ্টকৈ কোৱা নাই।

আনহাতে পৰীক্ষাসমূহ কোভিড১৯ৰ বিধি মানি অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ স্পষ্টভাৱে জানিবলৈ দিয়ে।

ইফালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে অহা ১০ ডিচেম্বৰত প্ৰতিযোগিতামূলক আৰু ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ সৈতে এক ডিজিটেল বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ কথা আছে।