NORTHEAST NOW (Assamese)
অসম

ডিচেম্বৰ মাহত খোল খাব পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 2:05 pm
a puri-temple-temple

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ মাৰ্চ মাহৰ পৰাই বন্ধ হৈ থকা পুৰীৰ জগন্নোথ মন্দিৰৰ দুৱাৰ চলিত বর্ষৰ ডিচেম্বৰ মাহত খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজি জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।তেওঁ কয় যে সকলো ঠিকে ঠাকে থাকিলে ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত জগন্নাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হব।

উল্লেখ্য জগন্নাথ মন্দিৰৰ দুৱাৰ বন্ধ হৈ পৰাৰ ফলত মন্দিৰৰ সৈতে জৰিত হাজাৰ হাজাৰ লোকৰ জীৱিকালৈ ভয়াৱহ দুৰ্যোগ নামি আহিছে।

সেই বাবেই ওড়িশা বিধান সভাৰ মজিয়াত কংগ্ৰেছ- বিজেপি উভ. দলৰ বিধায়কসকলে শীঘ্ৰে জগন্নাথ মন্দিৰ খুলি দিয়াৰ বাবে চৰকাৰক আবেদন জনাইছিল।

বিধানসভাত বিজেপিৰ বিধায়ক মোহন মাঝিয়ে জগন্নাথ মন্দিৰ বন্ধ হৈ থকাৰ ফলত বহু লোক কৰ্মহীন হৈ পৰা বুলি উল্লেখ কৰি মন্দিৰ খুলি দিবলৈ আহ্বান জনাইছিল।

একেদৰে কংগ্ৰেছৰ মুখ্য হুইপ তাৰাপ্ৰসাদ বাহিনীপতিয়ে মহাৰাষ্ট্ৰত যদি চৰকাৰে ধৰ্মীয় স্থল সমূহ খুলি দিব পাৰে ওড়িশাত নোৱাৰে কিয় বুলি প্ৰশ্ন কৰিছিল।

মাৰ্চ মাহৰ পৰাই মাত্ৰ কেইজন মান পুৰোহিতে জগন্নাথ মন্দিৰত পূজা-সেৱা কৰি আহিছে। ক’ৰ’ণাতংকৰ বাবে এইবাৰ জগন্নাথ ৰথ যাত্ৰাও সীমিত পৰিসৰত কৰা হয়।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবান পাটনায়কে টেলিভছনৰ পৰ্দাত চায়েই ৰথ যাত্ৰাৰ সময়ত প্ৰভু জগন্নাথক সেৱা জনাইছিল।