NORTHEAST NOW (Assamese)
অসম

বন্ধ গাড়ীৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ মৃত্যু দুটি শিশুৰ! মৰ্মান্তিক ঘটনাক লৈ চাঞ্চল্য, তদন্তত আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2024 9:18 am

গাড়ীৰ ভিতৰত থকা দুটি শিশুৰ ৰহস্যজনক মৃত্যুৰ ঘটনা বিয়পি পৰিছে মুম্বাইৰ এণ্টপ হিল অঞ্চলত। বন্ধ গাড়ীৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ শিশু দুটিৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। এনে মৰ্মান্তিক মৃত্যুৰ পিছতে তদন্ত আৰম্ভ কৰিছে তদন্তকাৰীসকলে।

জানিব পৰা মতে, মৃত শিশু দুটাৰ বয়স ক্ৰমে ৫ আৰু ৭ বছৰ। দুপৰীয়া সিহঁত ঘৰৰ ওচৰতে খেলি আছিল। কিন্তু সন্ধিয়াৰ পিছতো সিহঁতৰ কোনোৱেই ঘৰলৈ উভতি নোযোৱাৰ বাবে অনুসন্ধান আৰম্ভ হয়। অৱশেষত সিহঁতৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে এজন প্ৰত্যক্ষদৰ্শীয়ে লক্ষ্য কৰে যে ওচৰতে ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত অচেতন হৈ পৰি আছে দুটি শিশু। লগে লগে খবৰটো বিয়পি পৰে। ভিতৰৰ পৰা গাড়ীখন লক হৈ পৰা দেখা যায়। ইয়াৰ পিছতে দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জনোৱা মতে, শিশু দুটি কেনেবাকৈ ৰখাই থোৱা গাড়ীখনৰ ভিতৰত সোমাই পৰিছিল। ইয়াৰ পিছত সিহঁতে কেনেবাকৈ গাড়ীখন ভিতৰৰ পৰা লক কৰি দিলে। বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় দুয়োটি শিশুৰে। প্ৰাথমিকভাৱে  তেনেকৈয়ে অনুমান কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি চোৱা হৈছে। তদন্তকাৰীয়ে সকলো সম্ভাৱ্য দিশ অনুসন্ধান কৰি আছে।