NORTHEAST NOW (Assamese)

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

June 29, 2025 3:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজস্থানৰ জয়ছালমেৰত ভাৰত-পাক সীমান্তত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে হুলস্থুলৰ। প্ৰসংগক্ৰমে আৰক্ষীয়ে দাবী কৰে যে দুয়োজনেই পাকিস্তানী নাগৰিক। কিন্তু তেওঁলোকে কেনেকৈ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিলে তাৰ ৰহস্য বাঢ়িছে। একে সময়তে তেওঁলোকৰ মৃত্যুৰ সন্দৰ্ভতো এক ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১২ কিলোমিটাৰ ভিতৰৰ জয়ছালমেৰৰ এখন গাঁৱৰ সমীপত স্থানীয় লোকে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। বালিৰ পাৰত পৰি আছিল দুটা মৃতদেহ। প্ৰথম অৱস্থাত আৰক্ষীৰ মতে মৃতদেহ দুটা চাৰি-পাঁচ দিন পুৰণি। দুয়োৰে পৰা পাকিস্তানী চিম কাৰ্ড আৰু পৰিচয় পত্ৰ উদ্ধাৰ। আৰু তাৰ পৰাই আৰক্ষীয়ে নিশ্চিত কৰিলে যে মৃত দুয়োজন পাকিস্তানী নাগৰিক।

কিন্তু তেওঁলোকে কিয় ভাৰতত প্ৰৱেশ কৰিছিল আৰু কি উদ্দেশ্যত প্ৰৱেশ কৰিছিল সেই ৰহস্য বাঢ়িছে। তেওঁলোকৰ মৃত্যু কেনেকৈ হল সেয়াও এক ৰহস্য হৈ পৰিছে। অৱশ্যে প্ৰথম অৱস্থাত আৰক্ষীৰ মতে দুয়োজনীৰ মৃত্যু হব পাৰে ভোক আৰু পিয়াহত। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই আৰক্ষীয়ে। শেহতীয়াকৈ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাজস্থানৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, সেই দিশটোৰো তদন্ত চলি আছে।

Related News