NORTHEAST NOW (Assamese)
অসম

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ-বিপিএফ মহাজোঁটলৈ পূৰ্ণ সমৰ্থন বড়ো-কছাৰী জাতীয় পৰিষদৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 3, 2021 8:28 pm
Rally-19-1140x570

বড়ো-কছাৰী জাতীয় পৰিষদ, অসমে চলিত নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোট-গ্ৰহণৰ আগে আগে কংগ্ৰেছ-বিপিএফ মহাজোঁটলৈ পূৰ্ণ সমৰ্থন জনাই সকলো বড়ো ৰাইজক মহাজোঁটক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

ইতিমধ্যে হৈ যোৱা দুটা পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণত বড়ো-কছাৰীসকলে কা-বিৰোধী মহাজোঁটৰ পক্ষত ভোটদান কৰিছে আৰু তৃতীয় পৰ্য্যায়তো একেই স্থিতি গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে পৰিষদৰ সাধাৰণ সম্পাদক সপোন বড়োৱে।

ইপিনে, সদ্য গঠিত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীক সমালোচনা কৰি বড়োৱে কয় ‘মিহিনেশ্বৰ বসুমতাৰী বড়ো-কছাৰীসকলৰ অভিভাৱক নহয়।

বড়ো-কছাৰী ৰাইজৰ হৈ বিজেপিক সমৰ্থন কৰিবলৈ মিহিনেশ্বৰৰ বসুমতাৰীক কোনেও ঠিকা দিয়া নাই।

মিহিনেশ্বৰ বসুমতাৰী এণ্ড কোম্পানীক সৌ সিদিনালৈকে হাগ্ৰামা মহিলাৰীয়েই পোহপাল দিছিল। হঠাৎ বিজেপিত যোগদান কৰা মিহিনেশ্বৰ বসুমতাৰী আৰু তেওঁৰ সাংগো-পাংগোসকল খাই পাত ফলা।‘

আজি পল্টনবজাৰস্থিত জনজাতি জিৰণি চ’ৰাত অনুষ্ঠিত সভাত অসমৰ সমাজ, ভাষা-সংস্কৃতি, ঐতিহ্যৰ স্বাৰ্থত পাঁচটাকৈ গ্যাৰেন্টি প্ৰদান কৰা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত সমৰ্থন জনাই খিলঞ্জীয়া বিৰোধী তথা বড়োসকলক ভাগ-ভাগ কৰি ধ্বংস কৰিব বিচৰা বিজেপি মিত্ৰজোঁটক অসমৰ পৰা উৎখাত কৰিবলৈ প্ৰস্তাৱ লোৱাৰ লগতে ৰাইজলৈয়ো আহ্বান জনায় বুলি বড়োৱে জানিবলৈ দিয়ে।