NORTHEAST NOW (Assamese)

কোকৰাঝাৰত ২৯ সংখ্যক মৃত্যু বাৰ্ষিকীত বডৌফাক সশ্ৰদ্ধ স্মৰণ

May 1, 2019 9:46 pm · ৰিনয় বসুমতাৰী
Updated: May 1, 2019 10:04 pm

বড়ো জাতিৰ পিতা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী আজি  গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কোকৰাঝাৰৰ দোতমাৰ তুলুঙাপুৰীত পালন কৰা হয়।

মহান ব্যাক্তিগৰাকীৰ মৃত্যু বাৰ্ষিকীত দল, সংগঠন, ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শতাধিক লোক উপস্থিত হৈ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিটিচিৰ কোকৰাঝাৰত থকা সচিবালয় ভবনতো বডৌফা গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। বিটিচি সচিবালয়ৰ সন্মুখত থকা বডৌফাৰ প্ৰতিমুৰ্তিত সকলোৱে একেলগে তেখেতক স্মৰণ কৰে।

স্মৃতিচাৰণ সভাত সদৌ বড়ো ছাত্ৰ  সন্থাৰ সভাপতি প্ৰমোদ বড়ো, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, প্ৰাক্তন আবছু সভাপতি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ওৰ্খা গৌৰাং ব্ৰহ্ম, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনেশ্বৰ গয়াৰী, উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টৰ সচিব কৃষ্ণ গোপাল বসুমতাৰীকে ধৰি বিভিন্ন দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, বড়োসকলৰ বাবে অহৰহ সংগ্ৰাম কৰা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই ১৯৬৫ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰি ১৯৯০ চনৰ ১ মে’ত পৰলোকগামী হয়। আবছুৰ সভাপতি হৈ  থকা সময়ত উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলৰ অধিকাৰৰ বাবে আন্দোলন ঘোষণা কৰাৰ লগতে সুকীয়া ৰাজ্যৰ দাবী কাৰ্য্যকৰীকৰণৰ বাবে সংগ্ৰাম চলাই গৈছিল।

Related News