NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

পথাৰত উদ্ধাৰ ৮ মহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ : ধৰ্ষণৰ সন্দেহ আৰক্ষীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 10, 2024 9:40 pm
পথাৰত উদ্ধাৰ ৮ মহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ : ধৰ্ষণৰ সন্দেহ আৰক্ষীৰ

চিৰাং জিলাৰ বিজনীত সোমবাৰে এখন পথাৰত এগৰাকী আঠ মহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

অভিযোগ অনুসৰি মহিলাগৰাকীক ধৰ্ষণ কৰা হৈছিল।

খবৰ অনুসৰি যোৱা ৩ ডিচেম্বৰত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছিল মহিলাগৰাকীৰ।

বল্লামগুৰিৰ পুৰাদিয়া অঞ্চলৰ জুমইশ্ৰং বসুমতাৰী নামৰ এগৰাকী বিদ্যালয় শিক্ষকৰ বাসগৃহত ঘৰুৱা সহায়ক হিচাপে কাম কৰি আহিছিল মহিলাগৰাকীয়ে।

ঘটনাৰ পিছতে আদিবাসী ছাত্ৰ সংগঠন আছাৰ চিৰাং জিলা সমিতিয়ে যোৱা ৭ ডিচেম্বৰত বিজনী থানাত এফআইআৰ দাখিল কৰে। আজি জিলা দণ্ডাধীশ আৰু চিকিৎসা বিশেষজ্ঞৰ উপস্থিতিত মৃতদেহ খনন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অভিযোগ অনুসৰি জুমইশ্ৰং বসুমতাৰী নামৰ শিক্ষকগৰাকীয়ে মহিলাগৰাকীক যৌন নিৰ্যাতন চলাইছিল। অৱশ্যে অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্তই।