NORTHEAST NOW (Assamese)
অসম

নৈত সাঁতুৰিবলৈ গৈ দৰঙত শিশুৰ সলিল সমাধি

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী July 29, 2019 5:50 pm
নৈত সাঁতুৰিবলৈ গৈ দৰঙত শিশুৰ সলিল সমাধি

দৰং জিলাৰ মাজেৰে বৈ যোৱা ছুকাজানি নৈত গা ধুবলৈ গৈ কালি অৰ্থাৎ দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা মানিক পৰ্জা (১২) নামৰ শিশুটিৰ আজি মৃতদেহ উদ্ধাৰ কৰা হয়।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ)ৰ এটা অভিযানকাৰী দলে আজি নিহত শিশুটিক উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চিকনমাটি চাহ বাগিচাৰ বাসিন্দা মানিক তেওঁৰ সমনীয়া ৰাজিৱ টিয়ান আৰু আলোক চুৰ সৈতে সমীপৰ নৈত সাঁতুৰিবলৈ গৈছিল।

কিন্তু দুৰ্ভাগ্যবশত সাঁতুৰি থকা অৱস্থাতে নৈৰ সোঁতে মানিকক উটুৱাই নিয়ে।

পিছত এছ ডি আৰ এফে সন্ধানহীন শিশুটিক বিচাৰি অভিযান চলাই আজি পুৱা নৈৰ দাঁতিত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসমামৰিক চিকিৎসালয়লৈ লৈ আনে।