NORTHEAST NOW (Assamese)
অসম

গুলপীয়া দবাত নিৰ্বিঘ্নে যাত্ৰা কৰিব পাৰিবনে মহিলা ৰে’ল যাত্ৰীয়ে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2019 5:04 pm
Untitled-design-2019-07-28T160749.625

উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’ল যাত্ৰাৰ সময়ত মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে মহিলা সকলৰ বাবে গুলপীয়া ৰঙৰ বিশেষ দবাৰ ব্যৱস্থা কৰিব।

ইতিমধ্যে মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি ব্যৱস্থা গ্ৰহণ কৰা গুলপীয়া দবাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে।

উত্তৰ-পূবৰ ভিতৰত চলাচল কৰা যাত্ৰীবাহী ৰে’লসমূহৰ সাধাৰণ শ্ৰেণীৰ টিকত ক্ৰয় কৰা মহিলা যাত্ৰীসকলৰ বাবে এই নতুন গুলপীয়া দবাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, গুলপীয়া ৰঙৰ দবাটোত কেবল মাত্ৰ মহিলা যাত্ৰীসকলেহে যাত্ৰা কৰিব পাৰিব অৰ্থাৎ এই দবাটো সম্পূৰ্ণৰূপে মহিলা সকলৰ বাবে সংৰক্ষিত, পুৰুষ যাত্ৰীসকলে সেই দবাটোত প্ৰবেশ কৰিব নোৱাৰিব।

ৰে’লগাড়ীসমূহৰ সাধাৰণ শ্ৰেণীৰ দবাত সততে যথেষ্ট ভিৰ হোৱা দেখা যায় যাৰ বাবে মহিলা ৰে’লযাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখিন হ’বলগীয়া হয়।

পশ্চিম বংগ আদি ৰাজ্যৰ যাত্ৰীবাহী ৰে’লত পূৰ্বৰে পৰা মহিলা যাত্ৰীসকলৰ বাবে সুকীয়া দবাৰ ব্যৱস্থা আছে।

উত্তৰ-পূবৰ কেইবাখনো ৰে’লত গুলপীয়া দবাৰ ব্যৱস্থা কৰিব বিচৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এনে প্ৰশংসনীয় পদক্ষেপে মহিলা ৰে’ল যাত্ৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।