NORTHEAST NOW (Assamese)
অসম

বহুভাষিক কবি সন্মিলনৰ উদ্যোগত নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত কবি সন্মিলন সম্পন্ন

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও December 13, 2021 4:01 pm
বহুভাষিক কবি সন্মিলনৰ উদ্যোগত নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত কবি সন্মিলন সম্পন্ন

অসম বহুভাষিক কবি সন্মিলনৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত দেৱানগাঁও নাককাটি শাখাৰ উদ্যোগত স্থানীয় নৰ্থ বইটামাৰী অঞ্চলৰ দেৱানগাঁও ৰাভাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ‘ শীতৰ এদিন’ শীৰ্ষক এক কবি সন্মিলন অনুষ্ঠিত হয় ।

বহুভাষিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কাজী শ্বমিমৰ সভাপতিত্বত এই কবি সন্মিলন অনুষ্ঠিত হয় ৷

সন্মিলনত অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট কবি-সাহিত্যিক ড° মৰমী বৰঠাকুৰ তালুকদাৰে মুখ্য আলোচক ৰূপে অংশগ্ৰহণ কৰে ।

সন্মিলনত অধিবক্তা শ্বাহ আলম, কবি দীনেশ দাস, মালা বৰুৱা, গীতা দেৱী, মুস্তাফিজুৰ ৰহমান, কল্যাণী দেৱী, অপূৰ্ব গোস্বামী, বিনয় কুমাৰ বুদ্ধ, অপূৰ্ব কুমাৰ নাথকে ধৰি ৩২ গৰাকী নবীন-প্ৰবীণ কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।
অনুষ্ঠানত লীলিম কুমাৰ নাথে গীত পৰিৱেশন কৰে ।

সভাপতি তথা বিশিষ্ট কবি কাজী শ্বমিমে শেষত শ্বায়েৰী আৰু কবিতা পাঠেৰে সন্মিলনৰ সামৰণি মাৰে ।