গুৱাহাটীত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস; বৰঝাৰত আদৰণি জনালে মুখ্য মন্ত্ৰী সোণোৱালে

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত উজ্জ্বীৱিত প্ৰদৰ্শনেৰে দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাস ক্ষন্তেক সময়ৰ পূৰ্বে বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হৈছে।
বিমান বন্দৰত পূৰ্বৰে পৰা উপস্থিত হৈ থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰিলে বিশ্ববিজয়ী অসম কন্যা হিমাক।
মুখ্য মন্ত্ৰীৰ উপৰি বিভিন্ন দল-সংগঠন আৰু অসংখ্য শুভাকাংক্ষীয়ে হিমাক আদৰিবলৈ বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে এথলেটিকছ জগতৰ এইগৰাকী নৱতম চাঞ্চল্যই আজি দিনৰ ১ বজাত স্পাইচজেটৰ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হৈছে।