NORTHEAST NOW (Assamese)

২২ ৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলা : মুকলি হ’ল চূড়ান্ত কাৰ্যসূচী আৰু শীৰ্ষ গীত

February 24, 2025 9:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2025 7:15 pm

‘গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্ৰিক উত্তৰণ সম্ভৱ’— এই চিন্তাকে মূল হিচাপে লৈ বোকাখাতত পূৰ্ণগতিত চলিছে বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ প্ৰস্তুতি৷ উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ শীৰ্ষ গীতটি আজি বোকাখাতত মুকলি কৰা হয়৷

উল্লেখ্য যে বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক সংগঠন ‘প্ৰয়াস অধ্যয়ন চক্ৰ’ৰ উদ্যোগত আৰু বোকাখাতৰ সচেতন ৰাইজৰ সহযোগত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰ  প্ৰাংগনত অনুষ্ঠিত হ’ব লগা  গ্ৰন্থমেলাৰ চূড়ান্ত কাৰ্যসূচী আজি বোকাখাত জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলৰ যোগেদি মুকলি কৰে আয়োজক সমিতিয়ে।

এই বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী নয়ন অসম কলীয়াবৰীয়াই গোৱা বোকাখাত গ্ৰন্থমেলাৰ শীৰ্ষ গীত ‘গ্ৰন্থ’ ডিজিটেল ডেক্স যোগে মুকলি কৰা হয়। মুকলি কৰে বোকাখাত এগৰাকী জ্যেষ্ঠ নাগৰিক তথা শিল্পপ্ৰাণ ব্যক্তি অমৰ কাকতিয়ে। গীতৰ কথা,সুৰ আৰু কণ্ঠ নয়ন অসম কলীয়াবৰীয়াৰ৷

অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ কা: সভাপতি ড° ৰুবী বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আঁত ধৰে শিল্পী তথা আয়োজক সমিতিৰ সম্পাদকমণ্ডলীৰ নীৰেণ কাকতিয়ে ৷ আনহাতে, শিল্পী নয়ন অসম কলিয়াবৰীয়াই আজিৰ অনুষ্ঠানত উপস্থিত থাকি তেখেতৰ তত্ত্ব গধূৰ বক্তৃতাৰে সকলোকে মোহাৱিষ্ট কৰে।

ইপিনে, প্ৰাৰম্ভিক অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হোৱা সংবাদমেলত গ্ৰন্থমেলাৰ মুখ্য সমন্বয়ক ড’ বিদ্যুৎ বৰুৱাই  সম্পূৰ্ণ ৰূপৰেখাৰ পৰিকাঠামো দাঙি ধৰে। লগতে সকলো কেইদিনত অসমৰ কেবাগৰাকী বুদ্ধিজীৱি আৰু চিন্তাবিদে অংশগ্ৰহণ কৰাৰ কথা অৱগত কৰে। সেই অনুসৰি পতাকা উত্তোলন, গ্ৰন্থ শোভাযাত্ৰাৰে আৰম্ভ হ’ব লগা গ্ৰন্থ, শিল্প চিন্তন আৰু নাট সমাৰোহৰ এই পূৰ্ণাংগ অনুষ্ঠানটোত স্মৃতি গ্ৰন্থ প্ৰকাশ, প্ৰগতিশীল সাহিত্য সন্মিলন,ইতিহাস চৰ্চা,নাৰী আৰু লৈঙ্গিক বৈচিত্ৰতা, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ ভূমিকা, কাজিৰঙা সংৰক্ষণত দাঁতি-কাষৰীয়াৰ অৱদান, অন্ধবিশ্বাস আৰু কু সংস্কাৰ, মানসিক স্বাস্থ্য বিষয়ক আলোচনা,গণ সংগীত-লোকসংগীত,চিৰ সেউজ গীত আৰু বিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গায়িকাৰ সন্মিলন ইত্যাদি অনুষ্ঠানেৰে গ্ৰন্থমেলাৰ কেউটা দিন উদ্‌যাপন কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ প্ৰতিটো অনুষ্ঠান একো একোগৰাকী প্ৰথিতযশা ব্যক্তিৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আজিৰ সভাত প্ৰয়াস অধ্যয়ন চক্ৰৰ তৰফৰ পৰা মুখ্য সমন্বয়ক সোণেশ্বৰ নৰহে সামগ্ৰিক ৰূপৰেখা ডাঙিধৰাৰ পাছতে ৰাইজৰ সৰ্বসন্মতিক্ৰমে কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত বোকাখাতৰ সচেতন ৰাইজৰ লগতে বহু যুৱ  ছাত্ৰ-ছাত্ৰী  উপস্থিত থাকে৷

আনহাতেদি সাংগঠনিক ক্ষেত্ৰত স্তৰে স্তৰে সভা সমিতি গঠন, উপ সমিতি সমূহৰ লগত সঘনাই google meet ৰ জৰিয়তে সভা অনুষ্ঠিত কৰি প্ৰস্তুতিৰ খতিয়ান ৰখাৰ কামো সমানে আগবঢ়ায় থকাৰ কথা ব্যক্ত কৰে।

প্ৰচাৰৰ ক্ষেত্ৰত দেৱাল লিখন, ৰাজহুৱা স্থানত বেনাৰ লগোৱা আৰু বিদ্যালয় মহাবিদ্যালয়ৰ কেম্পাচ সমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে।আয়োজক সমিতিয়ে গ্ৰন্থমেলাৰ এই বৃহৎ আয়োজনৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, সংবাদ মাধ্যম আদিৰ সহায় সহযোগ,দিহা পৰামৰ্শ, উপস্থিতি আন্তৰিকতাৰে কামনা কৰে।

Related News