NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কবিতাৰে প্ৰতিবাদ

Posted by: উত্তম শইকীয়া January 12, 2019 7:09 pm

বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত আজি বোকাখাতৰ নাট্যমন্দিৰ সন্মুখত কবিসকল সমবেত হৈ নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীত কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী অনুষ্ঠান উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। ৰাজ্যৰ বিশিষ্ট কবি অজিত গগৈ, শৰৎ হাজৰিকা, বোকাখাতৰ পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, সম্পাদক গীতাঞ্জলি কলিতা, মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা আদিয়ে প্ৰতিবাদী অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি বিধেয়ক বাতিলৰ দাবী জনায়।

তাৰোপৰি সম্পাদক পাৰিজ লুইতপকীয়া, বিশিষ্ট কবি, লেখিকা কল্পনা চেতীয়া, নিজৰা বৰঠাকুৰ, লেখিকা সমাৰোহ সমিতিৰ সুৱৰ্ণ শইকীয়া বৰদলৈ, জ্যেষ্ঠ নাগৰিক মঞ্চৰ আনিচুৰ ৰহমানকে ধৰি মহকুমাৰ প্ৰায়সকল কবি, সাহিত্যিকে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰি কবিতাৰে নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।