NORTHEAST NOW (Assamese)
অসম

বোকাখাতত গৰু ভৰ্তি ট্ৰাক জব্দ; ট্ৰাকৰ ভিতৰত ৪০ টা মৃত গৰু উদ্ধাৰ, চালকক আটক

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত September 19, 2022 3:21 pm

বোকাখাত আৰক্ষীৰ নৈশ তহলদাৰী দলে যোৱা নিশা গৰু সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰে ৷ এ এছ ০২ ই ৫৯৯৮ নম্বৰৰ এই ট্ৰাকখনৰ ভিতৰৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলে ৪০ টাকৈ মৃত গৰু উদ্ধাৰ কৰে ৷

ট্ৰাকৰ ভিতৰত থকা এটা গৰু জীৱিত আছিল যদিও অৱস্থা সংকটজনক ৷ আৰক্ষীয়ে ট্ৰাকৰ চালক মুচাফৰ হুছেইনক আটক কৰে ৷

চালকৰ স্বীকাৰোক্তি মতে বোকাখাতৰ ৰজাবাৰীৰ জনৈক পৰমা দাসৰ চৌহদৰ পৰা যোৱা নিশা এই ট্ৰাকখনত ৪০ টাতকৈও অধিক গৰু উঠাই ওপৰত টিৰপাল দি বন্ধ কৰি নগাওঁ জিলাৰ চামগুৰিলৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক: বঙাইগাঁৱত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ ধৰ্মঘট

অক্সিজেনৰ অভাৱতেই ট্ৰাকখনৰ ভিতৰত ৪০ টা গৰুৱেই অতি কৰুণভাৱে মৃত্যুক সাৱটিব লগা হয় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

আজি পুৱা মৃত গৰুবোৰ লতাবাৰীৰ স্মশানত আদালতৰ অনুমতিৰে পুতি পেলোৱাৰ ব্যৱস্থা কৰে বোকাখাত আৰক্ষীয়ে ৷ তাৰ পূৰ্বে পশু চিকিৎসকৰ সহায়ত মৃত গৰুৰ মৰণোত্তৰ পৰীক্ষাও কৰায় আৰক্ষীয়ে ৷