• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ ধৰ্মঘট

আগন্তুক লোক সভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে নিৰ্বাচনত বিজেপি দলক প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 19, 2022 10:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশীসকলোক অতিশীঘ্ৰে ভৈয়াম জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে বঙাইগাঁৱৰ দোলাইগাও মাজপাৰাস্থিত জনতা ক্লাবৰ সন্মুখত এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে মোদী চৰকাৰ হায় হায়, এছ টি আমাক লাগিবই, ন এছ টি ন ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ন কমতাপুৰ ন ৰেষ্ট, বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা কোচ ৰাজূংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্যত অধিস্থিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ লোক সভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনৰ সময়ত বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে বিভিন্ন ৰাজহুৱা সভাত বিজেপি দলে ঘোষণা কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্যত যদি বিজেপি চৰকাৰ হয় তেন্তে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব ৷

Apply Now

পিচে কেন্দ্ৰত বিজেপি চৰকাৰ অধিস্থিত হোৱাৰ দুটা কাৰ্যকাল হ’ল আৰু অসমতো বিজেপি চৰকাৰখন দ্বিতীয়টো কাৰ্যাকালৰ বাবে শাসনভাৰ চলাই আছে ৷ কিন্তু এই মুহুৰ্তলৈকে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক যি প্ৰতিবেদ দাখিল কৰাৰ কথা আছিল সেই প্ৰতিবেদ আজিলৈকে প্ৰেৰণ নকৰিলে ৷ ইয়াৰ পৰা প্ৰমাণ হ’ল যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু বঞ্চনা কৰিছিল ঠিক একেদৰেই কংগ্ৰেছৰ সুৰত সুৰ মিলাই আজি বিজেপি চৰকাৰখনেও কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু বঞ্চনা কৰিলে ৷

তেওঁলোকে কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ দি কোচ ৰাজবংশীসকলক সন্তুষ্ট কৰিবলৈ বিচাৰিছে ৷ কিন্তু আমি পূৰ্বেই স্পষ্ট কৰিছো যে কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ জনজাতিকৰণ আৰু কমতাপুৰৰ বিকল্প নহয় ৷ যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা নাপাও আৰু কমতাপুৰৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধানৰ ব্যৱস্থা নকৰিব তেতিয়ালৈকে আমি এখজো পিচুৱাই নাহো ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি মুকলিকৈ প্ৰশ্ন কৰিছো যে – আপুনি নিজে মন্ত্ৰী গোটৰ অধ্যক্ষ আৰু ছয় জনগোষ্ঠীৰ মডেলিটীৰ আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি যোৱা কাৰ্যকালৰ সময়চোৱাত কৈছিল ৷ কিন্তু আজি দুবছৰ অতিবাহিত হ’বলৈ বেছি দিন নাই যদিও আজিলৈকে প্ৰতিবেদন প্ৰেৰণ কৰা নাই ৷ শেহতীয়াভাৱে লোক সভাৰ অধিৱেশন আৰু অসম বিধান সভাৰ অধিৱেশনত সকলো স্পষ্ট হৈ পৰিছে ৷

আপুুনি যদি ভাৱিছে পূৰ্বে যেনেকৈ আপোনালোকে নিৰ্বাচন বিলাকত কোচ ৰাজবংশী দুই এজন তথাকথিত নেতাক টকা- পইচাৰে কিনি জনগোষ্ঠীটোৰ জাতীয় সমস্যাটোক ঢাকি ৰাখিছে আৰু এইবাৰো লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী কোনোবা সংগঠনৰ নেতাক টকা – পইচাৰে কাবু কৰি জনগোষ্ঠীটোক প্ৰতাৰণা কৰিম তেতিয়াহলে স্পষ্ট কথা যে কোনো নেতাই যদি এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু বঞ্চনা কৰে এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই তেওঁলোকৰ পিঠি ফালি দিব ৷ আমি কাকো ঠিকা দিয়া নাই যে কোনো নেতাই মন্ত্ৰী- বিধায়কৰ ড্ৰয়িং ৰূমত বহি তেওঁলোকে জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি থাকিব আৰু আমি তেওঁলোকক ঠিকা দিয়াৰ নিচিনাকৈ তেওঁলোকৰ মুখলৈ চাই থাকিম এইটো নহ’ব ৷

এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ৷ কোনো নেতা, কোনো দল -সংগঠনে এইবাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় আবেগ-অনুভূতিক কোনো ৰাজনৈতিক দল বা মন্ত্ৰী – বিধায়কৰ ওচৰত বিক্ৰী কৰে তেতিয়াহলে তেওঁলোকৰ বিৰুদ্ধে আমি তীব্ৰতৰ আন্দোলন কৰিম ৷

আনহাতে যদি ২০২৪ চনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহলে আমি স্পষ্ট কৰি দিছো যে বিজেপি দলত যিসকল কোচ ৰাজবংশী লোক আছে তেঁওলোকে স্বতঃস্ফূতভাৱে ওলাই আহিব লাগে আৰু জনগোষ্ঠীটোৰ স্বাৰ্থত কেএচি বা কমতাপুৰ উন্নয়ন পৰিষদৰ নেতাসকলেও পদত্যাগ কৰি ৰাজপথলৈ ওলাই আহিব লাগে ৷ লগতে আগন্তুক লোক সভা নিৰ্বাচনৰ পূৰ্বে যদি জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহলে আমি নিৰ্বাচনত বিজেপি দলক প্ৰত্যাহ্বান জনাবলৈ সাজু আছো বুলিও কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনকে ধৰি অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd